স্ব-স্পৰ্শৰে জিলিকি উঠা,
শত-শত অহল্যা
হৈ উঠক একোটা ফিনিক্স পক্ষী
আৰু উৰা মাৰক চুবলৈ নতুন আকাশ॥
{শিলাখন্দত পৰিণত হোৱা অহল্যাৰ পৌৰাণিক
আখ্যানক এক বাস্তৱধৰ্মী আধুনিক বিশ্ষেণৰ প্ৰয়াস।
মাথো কবিতাটিত কৰা হৈছে।
স্বকথন ৰ্শীষক কবিতাটো মোৰ আৰু মই স্ব-ইচ্ছাই
গ্ৰন্থত প্ৰকাশ কৰিবলৈ দিছোঁ।
হৃদয়ৰ মুখা
চয়নিকা স্মৃতি চুতীয়া
মৰাণ
ভাবিব পাৰিনে
হৃদয়ৰো মুখা থাকে বুলি...
হয়তো থাকে....
সেইবাবেই দেখিছো....
বহুবাৰেই দেখিছো..
হৃদয়ৰ নিভৃত কোণত
নিজৰ নামৰ ঘৰ সাজি
পুনৰ সেই ঘৰ ভাঙি চুমাৰ কৰাও দেখিছো...
পুনৰ গঢ়ি আকৌ ভঙাও দেখিছো
বাৰম্বাৰ ....
|
|
|
হৃদয়খন ভাঙি শেষ হৈ
ছাই হৈ নোযোৱালৈকে
জ্বলাই থকাও দেখিছো....
হাতে হাতে মুখা লৈ
বিক্ৰী কৰাও দেখিছো...
হৃদয়ৰ মুখা
দেখাত সৰ্চাই ধুনীয়া
নিৰ্মল যেন...
কিন্তু....
চকুৰ সন্মুখতে
নিজৰ হৃদয়খন
নিলাম কৰাও দেখিছোঁ....
নিলামৰ বজাৰখনত
বহুত আপোন মানুহৰ
ভিৰো দেখিছো.....
|
অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড