পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭৪


স্বকথন
অন্বেষী বৰা

অহল্যা পালানে প্ৰাণ??
চেতনাৰ পৃথিৱীত বিছাৰি চোৱাছেন,
পোৱা কিজানি ঠিকনা,
হেৰুৱা অস্তিত্বৰ॥
“নাই,এইয়াযে অসম্ভৱ
শাপগ্ৰস্থা মই,
গ্লানিৰ বোজাত নতশিৰ
মোৰ অস্তিত্ববিহীন চেতনা,
পুনঃজাগ্ৰত মাথো এক,
বৃথা চেষ্টা।”
শাপগ্ৰস্থা, কিয় ভাবি ল’লা,
নিজকে অহল্যা?
শোষিতা তুমি,
নুবুজিলা কিয়?

বিনা অপৰাধৰ
বিষম শাক্তিৰে,
ভাৰাক্ৰান্ত তুমি।
দুৰ্বলা নাছিলা কাহানিও,
আছিলা তুমি মাথো প্ৰেমিকা।
প্ৰেমক দমনৰ অলংকাৰ ,
পিন্ধোৱা নাযায় কেতিয়াও অহল্যা।
“উহঃ কলংকিনী মই,
পৰ-পুৰুষৰ স্পৰ্শৰে
স্পৰ্শিত মোৰ প্ৰাণক,
প্ৰায়শ্চিত্ত হ’বলৈ দিয়া,
প্ৰস্থৰৰ পৃথিৱীত।”
প্ৰলাপ এইয়া অহল্যা,
বিশ্বাসৰ অপমৃত্যুত,
ৰক্তাক্ত হিয়াৰ প্ৰলাপ এইয়া।

   

ছলনাৰ চিকাৰ তুমি,
অপমানৰ সাগৰত সাঁতুৰিও
সমাহিত স্বতাই,
কলংকিনী নাম,
কিয় পায় অহল্যা??
বিশ্বাসহীন প্ৰেমৰ সৌধ
এনেকৈয়ে খহে,
তুমি নুবুজানো কিয়?
“আহিব,
মোৰ আৰাধ্য আহিব।
মোৰ মলীন আত্মাক
স্পৰ্শৰ জ্যোতিৰে উজলাবলৈ,
মোৰ চিৰ আৰাধ্য আহিব॥”
নাহে অহল্যা,
নিষ্প্ৰয়োজন সেই অপেক্ষা।
নিজকে এবাৰ সুধি চোৱা অহল্যা,
চেতনাৰ জুইয়ে দগমগীয়া কৰা
সোণালী স্বত্তাক,
নহয়যে প্ৰয়োজন
অন্যান্যৰ স্পৰ্শ।
“ইমান সাহসী হ’ব পাৰিম জানো?
কিয় এই সংশয়?
তোমাৰ চৌপাশে চোৱা অহল্যা,
ৰক্তাক্ত কতজনী ন-ন অহল্যা
ছলনা আৰু বিশ্বাসহীনতা,
আঁচোৰত নিতৌ।
শিলা আবেষ্টনী ভেদি
মেলি চোৱা দুহাত,
বাট হেৰুৱা প্ৰাণজাকক যে,
প্ৰয়োজন তোমাৰ
স্তিতপ্ৰজ্ঞ সবল দুহাত।
সততাৰ আহুদিৰে দগমগীয়া,
চেতনাৰ জুই
ব্যাপ্ত হঁওক সকলোলৈ।
নালাগে আহ্বান আৰাধ্যৰ,

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড