পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

২৫৮

দিলে। ধোঁৱা আৰু চিকাৰৰ মাজেৰে মাষ্টৰৰ পৰিয়ালৰ তিনিটি প্ৰাণী শূন্যত বিলীন হৈ গ'ল। এইবাৰ তেওঁলোকৰ চিকাৰ জয়ন্তী.....। মিল মালিকৰ পিছতে সেই নদাই ভদাই আৰু ইমানদিনে লোলোপ দৃষ্টিৰে চোপ লৈ চাই থকা ডেকাবোৰ শগুণে খোৱাৰ লেখীয়াকৈ কুৰুকি কুৰুকি খালে তাইৰ কোমলীয়া দেহৰ তেজ আৰু মঙহ। বুকুৰ কাপোৰখন টান মাৰি টানি নিওঁতেই তাই অৰ্ধ মৃতপ্ৰায় হৈছিল। শাৰিৰিক অত্যাচাৰটো তেনেই নগণ্য। পাশৱিক সেই পাষণ্ডবোৰে শেষত তাইৰ মৃত শৰীৰটোকো ৰেহাই নিদিলে। কামুৰি টানি বখলা বখল কৰিলে তাই মনৰ লগতে দেহকো....।

 শেষ হ'বলৈ তেতিয়া আৰু একোৱে বাকি নাছিল। চাইৰেণ বজাই সোমাই আহি পুলিচে কেৱল জয়ন্তীৰ চিৰাচিৰ শৰীৰটোহে উদ্ধাৰ কৰিছিল। অপৰাধী পলাই পত্ৰং দিছিল যদিও পুলিচৰ নেৰানেপেৰা প্ৰচেষ্টাত ধৰাত পৰিছিল। শাস্তি হৈছিল অপৰাধীৰ। কিন্তু হঠাৎ নামি অহা এজাক কলীয়া ডাৱৰে চিৰদিনলৈ নিঃশেষ কৰি গৈছিল এটা পৰিয়ালৰ সকলোকে। উন্মত্ত জনতাৰ হাতত উত্তেজিত হৈ মানুহবোৰে দিগবিদিক যেন হেৰুৱাই পেলাইছিল। অতঃএব পিছলৈ নিজৰ ভুল বুজি কৰা পৰিতাপৰো ভাষা নোহোৱা হৈছিল।





অৰ্দ্ধ আকাশৰ মজিয়াত মই নিসংগতাৰ সঙ্গী বিচাৰি পালো।
অতীতত হেৰাই যোৱা লগতে বৰ্তমান আৰু ভৱিষ্যতৰ আশাৰ ৰেঙণি বিচাৰি পালোঁ।
হেৰাই যোৱা বাটবোৰ আকৌ চিনাকি হ'ল।ধন্যবাদ অৰ্ধ আকৌ উজলি উঠা
পোহৰৰ বাটবোৰ দেখুৱাই যোৱা।

।।

—বীণা দেৱী—

অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ, প্ৰথম খণ্ড