পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩১

তেতিয়া তুমিয়েই দেখোন বাসৱী আণ্টিক কন্টেক্ট কৰাৰ বাবে পাগল হৈ গৈছিলা। এবাৰলৈও ভাবিছিলা নে হু ইজ বাসৱী? পাপাই ইমান ৰুগীয়া গাৰে যাক লগ কৰাৰ ইচ্ছা কৰিছে, সেই লেডীগৰাকী তেওঁৰ কোন হয়? তুমি এক ছেকেণ্ডৰ কাৰণেও ভবা নাছিলা মা। পাপাৰ মনৰ শান্তিৰ বাবে তুমি অভি আৰু মোক ৰিকুৱেষ্ট কৰিছিলা বাসৱী বৰুৱাৰ লগত আমাক যেনেতেনে কন্টেক্ট কৰিবলৈ। পাপাই বাসৱী আণ্টিৰ নাম লোৱাৰ দুদিন পিছতেই বাসৱী আণ্টি এইমচ পাইছিলহি। তুমিতো আমাক সোধা নাছিলা মা বাসৱী আণ্টিক ইমিডিয়েটলী আমি কেনেকৈ পালো? আৰু আমি কন্টেক্ট কৰিব পাৰিলেও তেওঁ বাৰু দুদিনৰ ভিতৰতেই ডিব্ৰুগড়ৰ পৰা কিয় দৌৰি আহিল? এনেকুৱা কি ইন্টিমেট ৰিলেচন আছিল তেওঁলোকৰ মাজত?তুমি মুঠেও ভবা নাছিলা মা। কিয় জানানে, তুমি যে পাপাক খুব বেছি ভাল পোৱা। তেওঁৰ ওপৰত চকু মুদি ট্ৰাষ্ট কৰা। তেওঁৰ কেয়াৰ কৰা। কিন্তু সঁচা কথা কি জানা, মই বহু বছৰ আগতেই জানিছিলোঁ, বাসৱী আন্টি যে পাপাৰ ফাষ্ট্ৰ লাভ। ইভেন তেওঁলোকৰ এনগেজমেন্ট হোৱাৰো কথা আছিল। পিছে হঠাতে ব্ৰেক আপ হৈ থাকিল। ৰিজন্ মই ও নাজানো। এইবোৰ কথা মোক পাপাই নিজেই কৈছিল। বাসৱী আন্টিক বিচাৰিবলৈ আমি ওৱান ছেকেণ্ড ও নষ্ট কৰিব লগা হোৱা নাছিল। কিয় জানানে? পাপাৰ ফোনতেই বাসৱী আণ্টিৰ নাম্বাৰ পাইছিলোঁ। য়েছ মা, পাপাৰ ফোনত অলৰেডি তেওঁৰ নাম্বাৰ আছিল—

 আৰু কিবাকিবি কৈ আছিলহি তাই। মই শুব বিচাৰিছিলোঁ। অলপ পৰ শুম বুলি নিজৰ ৰুমত সোমাইছিলোঁহি। মূৰটো আচন্দ্ৰাই কৰিছিল মোৰ। আৰু নোৱাৰি। এৰা, বন্ধ কোঠাটোত হুৰহুৰাই এজাক আবতৰীয়া বৰষুণ নামি আহিছিল। উতলি থকা মাংসৰ কেৰাহীৰ দৰে মোৰ বুকুখনতো ভক ভক কৈ এটা শব্দৰ সুৰ বাজিছিল। অথচ মোৰ বাদে কোনেনো শুনিছিল সেই সুৰ? কোনেনো শুনিছিল?

 : এইবোৰ তোমাক হাৰ্ট কৰিবলৈ কোৱা নাই। বি প্ৰেক্টিকেল। পেনিক নহ’বা প্জি। কাম্ অন্ মা। ইউ হেভ তু অ’ভাৰকাম। লাভ কাৰ লাইফত নাথাকে? কাৰোবাক ভাল পালোঁ বুলিয়েই বিয়া হ’বই লাগিব বুলিতো কোনো কথা নাই। অভি জানো মোৰ ফাষ্ট্ৰ লাভ মা? আৰু মই জানো অভিৰ? তুমি অপৰিপক্ক ছোৱালীৰ দৰে কথাবোৰ নাভাবিবা প্লিজ।

 ঝৰ্ণাৰ কথাবোৰ হয়তো ভুল নাছিল। প্ৰেক্টিকেল হ’বলৈ দেউতাকৰ পৰাই শিকিছে তাই। পৰিৱৰ্তিত সময়ৰ লগত মিলিবলৈ দেউতাকেই পাঠ পঢ়াইছে তাইক। কিন্তু তাইৰ শব্দবোৰ সঠিকে জানো আছিল? অনুপে মোক জনাৰ আগতে কাৰোবাক ভাল পাইছিল। তেওঁকেই বিয়া কৰাব বুলি ভাবিছিল। সেয়া মোৰ কাৰণে বিশেষ ডাঙৰ কথা নাছিল। কিন্তু মই জানিব নালাগিছিল নে অনুপৰ মন? তেওঁৰ হৃদয়ৰ বতৰা? কেবল পত্নীৰ অধিকাৰেৰে মই অনুপৰ অতীতৰ বিষয়ে জানিবলৈ উদগ্ৰ হৈ পৰা নাছিলো। আমি মাথোঁ পতি-পত্নীৰ সম্পৰ্কতেই সীমাবদ্ধ আছিলোঁ জানো? ওহোঁ। অভিন্ন বন্ধুৰ দৰেহে আছিলোঁ আমি। জুমি জুমি জুখিছিলোঁ ইজনে সিজনৰ ভালপোৱা। জীৱনৰ অলিয়ে-গলিয়ে চপাই লোৱা সুখ-দুখক দুয়ো দুমুঠিত ভৰাই লৈ জীৱন বাটত একেলগে খোজ দিছিলোঁহি। পয়গম্বৰ আছিল তেওঁ মোৰ বাবে।

 এৰা, মোৰ জীৱনলৈ পয়গম্বৰ হৈ আহিছিল অনুপ........

 দেউতাৰ প্ৰকাণ্ড ঘৰটোৰ চৌহদত মই এজনী পৰীৰ নিচিনাকৈ ডাঙৰ হৈছিলোঁ। সামাজিক প্ৰতিবন্ধকতাক আওকাণ কৰি উচ্চ শিক্ষাৰ বাবে দেউতাই মোক দিল্লীলৈ পঠাইছিল। ঘৰৰ পৰা দিল্লীলৈ, দিল্লীৰ পৰা ঘৰলৈ অহা-যোৱা কৰোঁতে আৰু দিল্লীত থকা সময়খিনিত মোৰ সহচৰ আছিল আশীষ, নীহাৰ, অনিৰূদ্ধ আৰু অৱন্তী। আমি আটাইকেইটাই একেলগে ঘৰলৈ অহা-যোৱা কৰিছিলোঁ। গুৱাহাটীৰ এটা নিম্ন-মধ্যবিত্ত পৰিয়ালৰ অত্যন্ত মেধাবী ল’ৰা আশীষে চৰকাৰী জলপানি লৈ দিল্লীলৈ পঢ়িবলৈ গৈছিল। অজানিতেই আমাৰ মাজত বন্ধুত্ব স্থাপন হৈছিল। হয়তো কাৰণ এইটোও হ’ব পাৰে, সেই সময়ত দিল্লীলৈ পঢ়িবলৈ যোৱা অসমীয়া ল’ৰা-ছোৱালীৰ সংখ্যা তেনেই তাকৰ আছিল। আশীষ যেন অন্যতকৈ কিছু পৃথক আছিল। তাৰ সৰল ব্যক্তিত্ব আৰু মেধাই মোক মুগ্ধ কৰিছিল। তথাপিও মনলৈ আনিবলৈ টান পাইছিলো যে, কেতিয়াবালৈ আশীষে মোৰ প্ৰেম হ’ব পাৰে। মোৰ বুকুৰ অভ্যন্তৰত সিও গোপনে সুকীয়াকৈ এটা কোঠালি সাজিব পাৰে।

 কিন্তু নভৱাকৈয়ে আশীষ মোৰ জীৱন হৈ পৰিছিল। চৌদিশে মুখৰিত হৈ পৰিছিল সুবাস ৰেণু। প্ৰকৃতিৰ সেউজীয়াই মোক বেৰি ধৰিছিল। ভাবিছিলো, পৃথিৱীখন আগৰ পৰাই ইমান ধুনীয়া আছিল নে? ইমান মনোমহা!

 আমি নতুন পৃথিৱী এখনৰ সন্ধান কৰিছিলোঁ। আতোলতোলকৈ পাখি মেলা কণমান সপোনটোৱে দুয়োকে মেৰিয়াই

ৰাখিছিল। চাব খুজিছিলোঁ নিৰুপম স্বপ্নটোৰ পূৰ্ণতা প্ৰাপ্তিলৈ। ৰৈয়েই আছিলোঁ। ৰৈয়েই আছিলোঁ। পৰিপূৰ্ণ স্বপ্নটোক কলিজাত

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড