হাজৰিকাৰ গাৰ ওপৰত ছটিয়াই দিয়া ফুলৰ পাহিবোৰো লাহেকৈ মৰহিব ধৰিছে...।
এক নিমাও মাও পৰিবেশ। নিশাও গভীৰ হৈ পৰিল। ক’তো কাৰো সাৰসুৰ নাই।
হঠাৎ পদূলিমুখৰ বকুল জোপাৰ পৰা যেন ফেঁচা এটাই নিউ নিউ নিউকৈ ঘৰৰ ওপৰেদি উৰি গুচি গ’ল।
জোনালীয়ে ৱালৰ ঘড়ী টোলৈ চালে। ২ বাজি ৫০ মিনিট। ৰাতিপুৱাবলৈ আৰু বহু সময়। কাষৰ চকীখনতে মোহনো টোপনি গ’ল। নাযাবনো কিয়! এই দুদিন তাৰ কম কষ্ট হৈছে নেকি! এজন অসুখীয়া মানুহৰ লগত দিনে নিশাই লাগি থকাটো কিমান কষ্টকৰ সেই কথা জোনালীয়ে বুজি পায়। জোনালীৰ মোহনক জগাবলৈ মন নগ’ল। নিজে উঠি আহি ধূপ চাৰিডালমান জ্বলাই দিলে। কিয় জানো জোনালীৰ ধূপৰ গোন্ধটো ভাল নালাগিল সদায় জোনালীয়ে মন কৰে মৃতকৰ ওচৰত জ্বলোৱা ধূপ আৰু মন্দিত জ্বলোৱা ধূপৰ গোন্ধৰ মাজত যেন পাৰ্থক্য আছে। জোনালীয়ে বুজি নাপায় কিয় পাৰ্থক্য এই গোন্ধৰ!!! নে জোনালীৰ এইয়া ভ্ৰম...। এইষাৰ কথাও হাজৰিকাক কোৱা জোনালীৰ মনত পৰে। এনে সৰু সৰু বহুতো বেয়া লগা, ভাল লগা কথা দুযোজনে কিমান দিন আলোচনা কৰিছিল তাৰ হিচাপ আছে জানো।
মানুহ মৰাৰ পাছত মৰাশটোক নগা ঢাৰিখনেৰে মেৰিয়াই লৈ যোৱা দৃশ্যই জোনালীক মনত কষ্ট দিছিল। জীৱনত কিমান ধন সম্পত্তি কৰে অথচ শেষ শয়ন হয়গৈ এখন নগা ঢাৰি...। জোনালীয়ে ইয়াৰ প্ৰতিবাদ হাজৰিকাৰ আগতে কৰিছিল। সমাজৰ নিয়ম বুলি সকলোয়ে মানি আহিছে আৰু মানি যাব...। এনেকুৱা কিছুমান কাম বেয়া লগা বাবেই হয়তো সিদিনা তেওঁলোকেলৈ পেলাইছিল এই সিদ্ধান্ত —
হেৰা, তোমাৰ টোপনি আহিল নেকি?
হাজৰিকাৰ মাতত জোনালীয়ে বাগৰ সলাই ক’লে, নাই অহা। কিবা ক’ব নেকি?
আজি কেইদিনমানৰ পৰা মই কথা এটা ভাৱিছোঁহে—
– কি কথা?
জোনালীৰ উওৰত তেখেতে কৈ গ’ল —
ল’ৰাটোও অসমৰ বাহিৰতে থাকে। আমাক মৃত্যু সময়ত পাব নাই ঠিক নাই। নাপালেও মোৰ মনত কোনো দুখ নাথাকিব। কিয়নো সিহঁতৰ অসুবিধা কৰি আমাক শেষ সময়ত পাবই লাগিব বুলি মই নাভাবোঁ। ভাগ্যত থাকিলে মিলিব। গতিকে আমাৰ মৃত্যুৰ পিছত আমাৰ শৰীৰ কেইটা দান দি যাওঁ বুলি ভাৱিছো। মৃত্যুৰ পিছত শৰীৰটো বহুতো কামত আহিব। বিশেষকৈ চকুযুৰি।
কথাষাৰ শুনি জোনালী বহি পৰিল।
প্ৰায় চিঞৰি কোৱাৰ দৰেই ক’লে – “মই মনত ভাৱি থকা কথাষাৰেই কৈ দিলে। মনৰ আনন্দতে জোনালীয়ে হাজৰিকাক সাৱটি ধৰিলে। হাজৰিকাৰ তপত দুটোপাল চকুলো জোনালীৰ হাতত পৰিল। সেই লোতক দুখৰ নে সুখৰ জোনালীয়ে। ভবা নাছিল।
সেইয়া আজি দহ বছৰৰ আগৰ কথা ....
“হেৰি শুনিছেনে-???
মই উপলব্ধি কৰিছো
আজি দহ বছৰৰ আগতে আমি লোৱা সিদ্ধান্ত ভুল আছিল...।
আজি মই জীয়াই আছো বাবেই এই কামবিলাক কৰি গৈছোঁ কৰ্তব্যৰ তাগিদাত। মোৰ মানসিক অৱস্থা কেনে হৈছে আপুনি জানেনে??
বা বুজিবলৈও কাষত কোনো নাই...। বয়সৰ জোখেৰে আগুৱাই গলেও মই ও তেজ মঙহৰ মানুহহে...। মোৰো দুখ, সুখ অনুভৱ কৰিবলৈ এখন অন্তৰ আছে...।
আজি মোৰ যি অৱস্থা হৈছে মোৰ মৃত্যুৰ পাছতো সেই একে অৱস্থা আন কাৰোবাৰ বাবে হ’ব পাৰে...। গতিকে মই আজি এটা সিদ্ধান্ত লৈছো মোৰ দেহদান কৰা আবেদনখন ঘূৰাই আনিম....।
কথাখিনি কৈ জোনালীয়ে হাজৰিকাক সাৱটি ধৰি উচুপি উঠিল...।