পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২৩

সপোনৰ হেঙুলী ৰহন

তুলিকা দেৱী নাথ (গুজৰাট)

 পুৱাৰ কোমল ৰ’দ সোণালী আভাই ওখ ওখ অট্টালিকাবোৰৰ মাজে মাজে লুকা ভাকু খেলি দিল্লী মহানগৰীৰ নন্দিনীহঁতৰ বাৰ মঞ্জিলৰ এপাৰ্টমেণ্টটোৰ বহল বেলকনিখনত টুকুৰা টুকুৰকৈ পৰিছেহি। নন্দিনীৰ মুখামুখিকৈ আৰামী চকীখনত হেলান দি বহিছে নন্দিনীৰ স্বামী প্ৰশান্ত বৰুৱা। দুয়োৰে সন্মুখত আছে চাহৰ কাপ ৰখা টিপয়খন। বৰুৱাই অৱসৰ গ্ৰহণ কৰাৰ পৰাই সদায়ে ৰাতিপুৱাৰ সেই কোমল ৰ’দৰ আমেজ লৈ চাহৰ কাপত চুমুক দিয়াটো অভ্যাস। কাষত সংগ দিয়ে নন্দিনীয়ে। এই সময়কণ অতি প্ৰিয় দুয়োৰে। পুৱাৰ হেঙুলী সুৰুজৰ মিঠা আলিংগন আৰু সজীৱতাই যেন কঢ়িয়াই আনে প্ৰতিদিনে —

 ন প্ৰতিশ্ৰুতি।

 ন আশা!

 ন সপোন।

 চাকৰি সময়ছোৱাত এনেকৈ পত্নীৰ সৈতে সুন্দৰ পুৱাৰ আমেজ ল’বলৈ বৰুৱাই সুৰুঙাই নাপালে। চাকৰিৰ কৰ্মব্যস্ততাই প্ৰশান্তক ব্যস্ত কৰি ৰাখিলে এখন সুকীয়া জগতত। ৰাতিপুৱা সময়কণতে চাহকাপ হাতত লৈ দুয়ো উপভোগ কৰে সান্নিধ্যৰ মিঠা অনুভূতি। কেতিয়াবা অতীতৰ নিৰ্যাস কঢ়িওৱা স্মৃতিৰ চন্দুকটো খুলি দুয়ো মধুময় কৰি তোলে সময়বোৰ। দুয়োৰে দুচকুত জীৱন্ত হয় অতীতৰ একো একো মুহূৰ্ত। শৈশৱ, কৈশোৰ, যৌৱন, ভালপোৱাৰ অনুভূতি, যান্ত্ৰিকতা, বৰ্তমানৰ স্থিতি, ভৱিষ্যতৰ দুয়োৰে আশাৰ হেঙুলী সপোন কত যে কি? যেতিয়াই উভতি চাই এৰি অহা দিনবোৰলৈ, কোনো কোনো মুহূৰ্তৰ স্মৃতিয়ে কেতিয়াবা আলোকিত কৰে মন আৰু কোনো স্মৃতিয়ে সেমেকাই দুচকু। প্ৰশান্তই যেন চাকৰি সময়ছোৱাত এপলক বহি এৰি অহা দিনবোৰলৈ ঘূৰি চাবলৈ আহৰি পোৱাই নাছিল। মাল্টিনেচনেল কোম্পেনীৰ কোটিকোটি টকাৰ প্ৰজেক্টৰ সমিধানবোৰ উলিৱাওঁতে তেওঁ যেন হৈ পৰিছিল এক জীৱিত ৰবট। কম্পিউটাৰ জীৱন! একঘেমীয়া জীৱন, অফিচ, ট’ৰ, কনফাৰেন্স, পদোন্নতিৰ পিচত ঘূৰোঁতে জীৱনৰ বহু ৰং উপভোগ নকৰাকৈয়ে থাকি গ’ল। এতিয়া তেওঁ জিৰাব খোজে। বেচেৰী নন্দিনীজনীকে প্ৰশান্তই কিমানেইবা সময় দিলে। এতিয়া তেওঁৰ সকলো সময় মাথোঁ নন্দিনীৰ। সংসাৰৰ সকলো দায়িত্ব তাই অকলেই চম্ভালি গ’ল।

 আনদিনাৰ দৰে আজি দুয়ো ৰ’দৰ আমেজ লৈ, স্মৃতিৰ মনিকোঠা খুলি চাহৰ জুতি লোৱা নাই। আজি চিন্তাগ্ৰস্ত। সচাঁ এটা ডাঙৰ চিন্তা! এটা ডাঙৰ সিদ্ধান্ত লোৱাৰ সময় এইয়া। চিন্তা একমাত্ৰ পুত্ৰ অৰ্ণৱক লৈ। সুখ্যাতিৰে বিদেশৰ নামজ্বলা বিশ্ববিদ্যালয়ৰ পৰা চিকিৎসা বিঞ্জানৰ স্নাতকোত্তৰ ডিগ্ৰী লোৱা পুত্ৰক বিদেশী চৰকাৰে প্ৰস্তাৱ দিয়া সন্মানীয় চাকৰি কৰিবলৈ দিবনে? নে ঘূৰি আহি নিজ দেশতে কিবা এটা কৰিবলৈ দিব? এক দুদোল্যমান অৱস্থা।

 বৰুৱাই আজি অনুভৱ কৰে এই সৰু জীৱনটোত টকা-পইচাৰ লগতে প্ৰয়োজনীয় আপোনজনৰ মৰমৰ উত্তাপ। আপোনজনৰ সংগ।

 সুযোগ্য পুত্ৰ য’তে থাকে ত’তে সুপ্ৰতিষ্ঠিত হ’ব পাৰিব। পুত্ৰ অৰ্নবে মাথোঁ তেওঁলোকৰ মতামত বিচাৰিছে। তাকে লৈ প্ৰশান্ত বৰুৱা আৰু নন্দিনী দুয়ো চিন্তান্বিত। সুখ্যাতিৰে উত্তীৰ্ণ হৈ ঘৰলৈ উভতি অহা অৰ্নবক কি পৰামৰ্শ দিব। চিন্তাৰ চাকনৈয়াত ঘূৰি থকা প্ৰশান্ত বৰুৱা আৰু নন্দিনী পুত্ৰ অৰ্নবৰ মাতত বাস্তৱলৈ আহিল।

 “আৰে মা দেউতা, ইমান মনে মনে চাহ খাইছা। কি চিন্তাত পৰিছা?”

 “চিন্তা। অ চিন্তাই হৈছে অ” বৰুৱাই হুমুনিয়াহ কাঢ়ি উত্তৰ দিলে।

 “আৰে কোৱানা কি লৈ চিন্তা। মই থাকোঁতেই।” অৰ্ণবে দেউতাকৰ কাষতে থকা চকীখনত পেপাৰখন লৈ বহিলেহি।

 “সেইটোৱে চিন্তা মাই চন। তোক হেৰুৱাৰ চিন্তা। যিদৰে মই হেৰুৱাইছিলো মোৰ পিতৃ-মাতৃক

– এৰা চাকৰি

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড