পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২০৩

পালে। হলা গছ দেখিলে কুঠাৰ মৰা আমাৰ সমাজৰ নিয়ম। কিন্তু তাই সাহস, ধৈৰ্য আৰু নেদেখাজনৰ আশীৰ্বাদত সকলো উফৰাই আগুৱাই গৈ থাকিল এই কন্টকময় জীৱন বাটত। এটাই লক্ষ্য, আকাশক মানুহ কৰা।

 বন্দিতাৰো বিয়া হ'ল। বন্দিতাৰ বিয়ালৈ গৈছিল ৰীণা আৰু আকাশ, স্কুলৰ ছাৰ বাইদেউহঁতৰ লগত ভাড়া কৰা গাড়ীত। ছাৰ বাইদেউহঁত বিয়া খাই উভতি আহিছিল যদিও বন্দিতাৰ কথা পেলাব নোৱাৰি মাক-পুতেক দুয়ো থাকিল। পিছদিনা গাড়ীত দুয়োকে বন্দিতাৰ ককায়েকে উঠাই দিলেহি। ঘৰখনৰ উলহমালহত বহু দিনৰ মূৰত ৰীণাই প্ৰাণ খুলি হাঁহি এটা মৰাৰ সুবিধাকণ পালে।

 বিয়াৰ অলপদিনৰ পিছত বন্দিতাৰ চাকৰিটোৰে অন্য এখন স্কুললৈ বদলি হ'ল। তাই যাবলৈ ওলোৱাত ৰীণাৰ হাত এখন চিঙাৰ দৰে হ'ল। দুইজনীয়ে সাৱতা-সাৱৰ্টিকৈ বহুত কান্দিলে। অকাশৰো খুব বেয়া লাগিল। কম সময়তে গাঁওখনৰ সকলোৰে মাজত জনপ্ৰিয় হৈ পৰা বন্দিতাই মাজে মাজে আহি থকাৰ প্ৰতিশ্ৰুতি দি বিদায় ললে।

 লাহে লাহে আকাশ ডাঙৰ হৈ আহিল। পঢ়া শুনাত সি ভাল। ক্লাছত সদায় প্ৰথম হয়। তাক লৈ ছাৰ-বাইদেউহঁতৰ বহুত আশা।

 হাতযোৰ কৰি ৰিণাই ওপৰলৈ চায়... “তোমালোকে আমাক দেখি আছা... আশীৰ্বাদ দিবা.. পোনাকণক যেন মই মানুহ কৰিব পাৰো।” সুবিধা পালেই ওলাই আহিব খোজা চকু পানী সৰ সৰাই নামি আহে।

 “খুৰী, খুৰী.. আকাশ দাদাৰ ৰিজাল্ট দিলে। সি প্ৰথম দহ তাৰ ভিতৰত চতুৰ্থ হৈছে। আহক সোনকালে আপুনি.. স্কুলৰ ফিল্ডত বহুত মানুহ গোট খাইছে...

 নঙলা মুখৰ পৰাই পোনাকণত কৈ এবছৰ সৰু ৰণে চিঞৰ মাৰি তাইক কোৱা কথাষাৰে বুকুখন আকৌ গধুৰ কৰি তুলিলে ৰিণাৰ।

 “প্ৰভু, মোৰ প্ৰাৰ্থনা শুনিলা তুমি... মা, সোণ... এইয়া তোমালোকৰেই কৃপা... আকাশ নামটোৰ মান ৰাখিলে মা।”

 সুখৰ চকু পানীৰে দুগাল তিয়াই থাপনাখনত মূৰটো দোৱাই ৰিণা লাহেকৈ উঠি আহিল। সুখানুভূতিৰ এক আভাই ৰিণাক বগা পুৰণি সাজ জোৰেৰেই অতি উজ্জ্বল দেখা গ'ল। ঠিক ধুমুহাই ধুই নিয়া পিছত দেখা ফৰকাল আকাশখনৰ দৰেই...।

 

অৰ্দ্ধ আকাশ মানে যত নিজক বিচাৰি পাওঁ, অৰ্দ্ধ আকাশ মানে।
য'ত প্ৰকাশ কৰিব নোৱাৰা সমস্যাৰ সমাধান পাওঁযত জীয়াই থকাৰ উৎস বিচাৰি পাওঁ,
ভাগৰুৱা মন পখীৰ জিৰণি ল'বলৈ থল বিচাৰি পাওঁ।

—কাকলি নাথ গগৈ—

অর্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড