পাৰিলেহেঁতেন?“
তেনে সময়ত ৰীণাই তাক বুকুত সোমোৱাই কৈ যাই... তৰাৰ দেশৰ বহুতো মনে সজা কাহিনী। দেউতাকে তৰাৰ দেশৰ পৰা তালৈ চাই থকাৰ কথা কয়। শেষলৈ সি টোপনি যায় আৰু দুচকুত বেজাৰে ভিৰ কৰেহি।
(10)
মাকণৰ গাটো বৰকৈ ভাল লাগি নাথাকে। সেয়ে সিদিনা ৰীণাক ক’লে বোলে – “যাচোন, নামঘৰতে তামোল-পান এযোৰ দি আহগৈ। মোৰ গাটো কিবা ভালেই নোহোৱা হ’ল দেখোন। কিবা দাই দোষ আছে যদি মাৰ্জনা হ’ব।”
ৰীণাই বৃহস্পতিবাৰৰ দিনা গধূলি গা পা ধুই তামোল-পান, ধূপ, চাকি-বন্তি যোগাৰ কৰি আকাশকে লগত লৈ নামঘৰ লৈ গ’ল। নামঘৰীয়াৰ সিদিনা আকৌ গা বেয়া বাবে আহিব নোৱাৰাত হৰি খুড়াই নামঘৰৰ কাম কৰি আছিল। দুয়ো গৈ নামঘৰৰ বাটচ’ৰাৰ কাষৰ কুঁৱা পাৰতে ভৰি-হাতকেইটা ধুই ল’লে। নামঘৰটো দেখিলেই ৰীণাৰ বুকুখনত শোকে খুন্দা মাৰি ধৰে। পৰাপক্ষত তাই ইয়ালৈ আহিবলৈ ভয়েই কৰে। এনে লাগে যেন সোণ ইয়াতে ক’ৰবাত লুকাই আছে।
ৰীণাই বাহিৰৰ পৰাই সেৱা কৰিলে। আকাশে তামোল-পানখিনি হৰি খুড়াক দি নামঘৰৰ ভিতৰলৈ সোমাই গ’ল। খন্তেক পিছতে দবাৰ ধ্বনিত চৌদিশ কঁপি উঠিল। গভীৰ ভক্তিত ৰীণাৰ চকু সেমেকি উঠিল। ধূপধুনাৰ গোন্ধই পৰিৱেশটো গধুৰ কৰি তুলিলে।
অলপ পিছতে আকাশ ওলাই আহিল। সি ক’লে, “মা, হৰি ককা আমাৰ লগতে যাব ঘৰলৈ একেলগে যাম বুলি কৈছে। অকণমান ৰ’বলৈ কৈছে। এইখিনি ৰাস্তা আন্ধাৰ যে।”
“আমি যাব পাৰিম, বল।”
“নহয় মা, ককাই বেয়া পাব। একেলগেই যাম”
অগত্যা ৰীণা ৰৈ দিলে আকাশৰ কথাত। নামঘৰৰ কামখিনি সামৰি মূল দুৱাৰখন মাৰি হৰি খুড়া ওলাই অহালৈ কিছু সময় ললে। কৃষ্ণ কৃষ্ণকৈ ওলাই অহা খুড়াই সিহঁত ৰৈ থকা দেখা পাই অতি উৎসাহেৰে হাঁহি মাৰি আকাশক সাৱটি ধৰিলেহি। ৰীণাৰ খুড়াৰ এই কাণ্ডটো অলপো ভাল নালাগিল।
হৰি খুড়া আৰু আকাশ আগে আগে ৰীণা অলপ পিছে পিছে ঘৰলৈ বাট ল’লে। আকাশৰ লগত কথা পাতি গ’লেও খুড়াৰ চকু যে তাইৰ ওপৰত আছিল তাই ঠিকেই ধৰিব পাৰিলে। চাদৰখনেৰে গাটো ভালকৈ ঢাকি ল’লে তাই। কেতিয়ানো খুড়া আহি তাইৰ একেবাৰে কাষ পালে ধৰিবই নোৱাৰিলে তাই। ঠাইখিনি অলপ আন্ধাৰো।
“ইমান কম বয়সতে এই বগা সাজ পিন্ধিব লগা হ’ল। বৰ ধুনীয়াজনী হৈ আছ তই। বিপদে-আপদে আমি আছোঁ দে।” এইবুলি কথাকেইটা কৈ খুড়াই পিঠিত হাত বুলাই দি আৰু অলপ কাষ চাপি আহিব খোজাত জিকাৰ খাই উঠিল ৰীণা।
গাৰ জোৰেৰে তাই ঠেলা এটা মাৰি দিয়াত তৎ ধৰিব নোৱাৰি খুড়া ৰাস্তাৰ মাজতে লুটি খাই পৰিল। আকাশেও যেন কিবা এটা বুজি পালে।
“অ ককা, ভালকৈ চাই চিতি খোজ দিব লাগে। নহ’লে পৰিবই। সাৱধান দেই। মা অকলশৰীয়া নহয়।”
এই বুলি খঙৰ ভমকত কোবাকুবিকৈ খোজ লোৱা মাকৰ পিছে পিছে আকাশে ল’ৰ দিলে। এই ঘটনাটো মাকে আইতাকক কৈছে নে নাই সি নাজানে। কিন্তু এদিন দুপৰীয়া মাক নাথাকোতে সি আইতাকক ক’লে। আইতাকে তাক বহুত কথাই বুজালে সেইদিনা। সিও যেন কম সময়তে একেবাৰে বুজনটো হৈ উঠিল। মাকৰ ছাঁ হৈ থাকিবলৈ ধৰিলে। তাক ধমকি এটা দিয়াৰো সি সুবিধা দিব নিবিচাৰি প্ৰতিটো কামেই মাকে ভালপোৱাধৰণে নিখুঁতকৈ কৰিবলৈ ধৰিলে। বন্দিতা পেহীৰ ওচৰত পঢ়িবলৈ যাবলৈও বেয়া নোপোৱা হ’ল।
অলপদিনৰ পিছতে মাকণ ঢুকাই থাকে। সেইদিনাৰীণাই হিয়া ঢাকোৰি কান্দিলে। ইমান দিনে মনে মনে টোকা চকুলো যেন মুকলিকৈ ওলাই আহিল। মূৰৰ ওপৰৰ চালিখন নোহোৱা হোৱাত ৰীণা নিথৰুৱা হৈ পৰিল। শাহুয়েক মাকণ আছিল তাইৰ সাহস, প্ৰেৰণ, ভৰসা। প্ৰতিটো কামেই মাকণক সুধি কৰা ৰীণা মাকণৰ অবৰ্তমানত সন্দিহান হৈ পৰিল। তথাপিও নিজক কিছু সংযত কৰি ধৈৰ্যৰে মৃতকৰ কামখিনি ৰাইজ আৰু বন্দিতাৰ ঘৰখনৰ সহযোগত সুকলমেই সমাপন কৰিলে।
বন্দিতা আৰু তাইৰ ঘৰখন ৰীণাৰ অন্যতম সাৰথি হৈ পৰিল। হেড ছাৰৰ সহযোগত স্কুলৰ ৰান্ধনী চাকৰিটো তাই