পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯১

 আজি কিন্তু দিম্পলৰ ঘিণ লাগক চাৰি, গাভৰুগৰাকীৰ চুলিৰ স্পৰ্শত শিহৰিত হৈহে উঠিছে। সি যদি পাৰিলে হয় তাইৰ মেঘালী চুলিৰ ছাঁতেই গোটেই জীৱন শুই শুই কটাই দিলে হয়। কিন্তু এইকণ সুখে যে বেছি দীঘলীয়া হ’বলৈ নাপালে। কণ্ডাক্টৰৰ আপদীয়া চিঞৰত ছোৱালীজনীও খকা-মকাকৈ সাৰ পাই উঠিল।

 খিৰিকীৰ কাষৰ ছিটটো এৰি দিয়াৰ পৰা দিম্পলৰ লাভ নোহোৱাও হয়। সুন্দৰীগৰাকীয়ে তাৰ লগত একেলগে জখলাবন্ধাত নামি ভাত খালে। চিপচৰ পেকেট কিনি এটা তালৈ বুলিও আগবঢ়াই দিলে। সি লওঁ নলওঁ কৈ লাজে লাজে কোনোমতে পেকেটটো ল’লে যদিও খাবলৈ তাৰ লাজ লাগিল। সি মন কৰিলে বাথৰূমৰ পৰা ওলাই অহাৰ পিছৰে পৰা ছোৱালীজনীৰ ওঁঠৰ ৰঙা ৰঙখিনি প্ৰয়োজনতকৈও অধিক টিকটিকিয়া ৰঙা হৈ পৰিছে। হয়তো তাই নতুনকৈ লিপষ্টিকৰ এটা প্ৰলেপ ওঁঠত ঘঁহি আকৰ্ষণীয় কৰি আহিছে।

 পুনৰ বাছ চলিবলৈ ধৰিলে। খিৰিকীৰ কাষত বহি তাই ফুচফুচাই ইয়েৰফোন লগাই কাৰোবাৰ লগত কথা পাতিলে। দুবাৰমান দিম্পললৈ চায় মূৰ দুপিয়াই হাঁহি একোটাও মাৰি থাকিল। সি ছিটটো এৰি দিয়াৰ কাৰণেই যে তাই কৃতজ্ঞতাৰ হাঁহি একোটা দলিয়াই আছে সেয়া সিও নুবুজা নহয়।

 : গুৱাহাটীলৈ কিবা কাৰণত যায়নে আপুনি? বেয়া নাপাব দেই সোধাৰ কাৰণে।

 : নাই , নাই কিয়নো বাৰু বেয়া পাম.. এক্সুৱেলী মোৰ কাজিনৰ বিয়া। তালৈকে গৈ আছোঁ।

 : অহ ৰিয়েলী, ময়ো মোৰ বেষ্ট ফ্ৰেণ্ডৰ বিয়ালৈ বুলিয়ে গৈ আছোঁ।

 উচ্ছাসত উঠলিহে পৰিব যেন তাই।

 : হোৱাট এ কো-ইন্সিডেন্ট!

 : আপোনাৰ নামটো জানিব পাৰেনে?

 : চিয়ৰ, হোৱাই নট! মোৰ নাম দিম্পল। দিম্পল বৰুৱা। আৰু আপোনাৰ?

 : চিন্ময়ী মেধি। কিবা জব কৰি আছেনে নে পঢ়ি আছে?

 : পঢ়িহে আছো। এগ্ৰিকালচাৰত... আৰু তুমি?

 : এম.এচ.চি কৰি আছো আণ্ডাৰ ডি,ইউ,

 : অক্কে... তোমাৰ লগত চিনাকি হৈ ভাল লাগিল।

 : মি টু...

 মিচিকিয়াই হাঁহিলে মাথো তাই। দিম্পলৰ মনটোৱে তাইৰ ফোন নম্বৰটো খুজিবলৈ লকলকাইছিল। কিন্তু খুব কম সময়তে চিন্ময়ীৰ লগত গঢ়ি উঠা বন্ধুত্ব যাতে ফোন নম্বৰ বিচৰাৰ কাৰণেই তিক্ত হৈ নাযায় তাৰ প্ৰতিও সি সমানেই তত্ পৰ। উপায়তো নাই ছোৱালী এজনীয়ে কোন সময়ত কি কথাত বেয়া পায়। তাৰোতো পাত্তা নাই। ছোৱালীৰ লগত ভালকৈ কথা পাতিব নাজানে বুলি তাকতো ভনীয়েকেই লাজ দি থাকে। সৰুৰ পৰাই সি ঘৰলৈ আলহী খাবলৈ অহা ছোৱালী দেখিলেই নিজৰ ৰূমত সোমাই থাকিছিল।

 জখলাবন্ধাৰ পৰা খানাপাৰা পোৱালৈকে সিহঁতে বহুত কথাই পাতিলে। জখলাবন্ধাৰ হোটেলত খোৱা ভাতৰ টেষ্ট বেয়া লগাৰ পৰা যোৰাবাটৰ টাৰ্ণিঙত তাইৰ চুলিয়ে তাৰ নাক-মুখ ঢাকি ধৰোতে খিলখিলাই হাঁহি উঠালৈকে সময়খিনি চঞ্চল হৈ পৰিছিল। সিহঁতে আমীশ ত্ৰিপাঠীৰ নিউ ৰিলিজ বুকৰ পৰা বলিউডৰ নতুন মুভিখনলৈকে সিহঁতৰ চৰ্চাৰ বিষয় হ’ল। ৰাস্তাৰ কাষত সেউজীয়াৰ মাজত ঠায়ে ঠায়ে ফুলি থকা কৃষ্ণচূড়া, ৰাধাচুড়া, এজাৰৰ ৰঙবোৰ চিন্ময়ীৰ ওঁঠৰ ডাঠ ৰঙা মেট লিপষ্টিকৰ ৰূপত তাৰ চকুৰ আগত নাচিয়েই থকা হৈছে। দিম্পলে নিজক চিকুটি চালে, সি বাৰু চিন্ময়ীৰ প্ৰেমত পৰিবলৈ ধৰিছে নেকি?

 এয়া প্ৰেম নহ’লেও গভীৰ আকৰ্ষণৰ সোঁতত যে দিম্পল পাক-ঘূৰণি খাই খাই ক্ৰমশঃ ডুবিবলৈ ধৰিছে সেয়া খাটাং। তাৰ চকুৰ আগত মেট লিপষ্টিক লগোৱা দুটি ওঁঠৰ লয়লাস ভংগীৰ মাজেৰে সৰকি পৰা শব্দবোৰে তাৰ বুকু ভেদি গৈ কলিজা চুইছেগৈ। কবিতা কবিতা লগা চিন্ময়ীৰ নামটোৰ দৰেই তাইৰ কথাবোৰ। কথা ক’লে মুখৰ পৰা শব্দ নসৰে সৰি পৰা একোটা সৰু সৰু কবিতাৰ টুকুৰা। আহ! মানুহ ইমান মোহনীয় কেনেকৈ হ’ব পাৰে?

 ভাৱি ভাৱি দিম্পলে নিজৰ মূৰটো বাছৰ ছিটত হাওলাই দিলে। কিন্তু তেতিয়াই বাছখনে ব্ৰেক মাৰি দিয়াত তাৰ চকুৰ

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড