পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯২

কল্পনাত নাচি থকা এযোৰ ৰঙা ওঁঠ অদৃশ্য হৈ পৰিল। সি চকু মেলাৰ আগতেই বাছৰ কণ্ডা’’ৰৰ চিঞৰ কাণত পৰিলহি। “খানাপাৰা, খানাপাৰা, নামি ল’ব নামি ল’ব। লাষ্ট ষ্টপেজ, নামি ল’ব।”

 অতি ক্ষিপ্ৰতাৰে বাছৰ মানুহবোৰ হুৰমূৰকৈ নামি গ’ল। চিন্ময়ীও হঠাত মানুহৰ ভিৰৰ মাজে মাজে খৰখোজেৰে গুচি গৈছে। আনহে নালাগে তাক বিদায় জনায়ো নগ’ল। সি তাইলৈ চাওঁতে মানুহৰ ভিৰৰ মাজেৰে কেবল তাইৰ পিচ্চ কালাৰৰ পালাজ্জৰ তলেৰে ওলাই থকা ব্লেক হাইহিলজোৰ আৰু বাউলী হৈ চুলিখিনি পিছফালে দৌৰি থকাহে দেখা পালে। দিম্পলৰ মনটো এসোপা বিৰক্তিৰে ভৰি পৰিল। প্ৰায় সাত ঘণ্টাৰ বেছি সময় যিজনী ছোৱালীয়ে হাঁহি হাঁহি তাৰ লগত কথা পাতিলে, তাৰ কান্ধত মূৰ থৈ টোপনি গ’ল, তাৰ পচন্দৰ ছিটটোও সি যাৰ কাৰণে বিনা প্ৰতিবাদে এৰি দিলে সেইজনী ছোৱালীয়ে বাছৰ পৰা নামি যাওঁতে তাক মাত এষাৰো লগাই নগ’ল। ধুৰ চাল্লা... সেই কাৰণেই সি মহানগৰ বেয়া পায়। ছোৱালীৰ লগত কথা নাপাতে।

 বিষন্ন মনেৰে দিম্পলে গণেশগুৰিলৈ যোৱা ট্ৰেকাৰ এখনত উঠি দিলে। তেতিয়া আবেলি চাৰি বাজিছেহে। তাৰ সম্বন্ধীয় ভনীয়েক, আচলতে ভনীয়েক ঠিক নহয় সিহঁত কাণসমনীয়াই। তাইৰ বিয়াৰ ৰিচেপচনলৈ এতিয়াও বহুপৰ বাকী। গতিকে দিম্পলে বিয়া খাবলৈ অহা আলহীৰ কাৰণে বুক কৰি ৰখা ল’জখনতেই গৈ অলপ শুই ল’লে।

 সন্ধিয়া ৭ বজাৰ পিছতহে সি সাৰ পাই বিয়া খাবলৈ ওলাল। গাৱৰ বিয়াৰ দৰে মনত কোনো ধৰণৰ উলহ-মালহ নাই। গণেশ মন্দিৰৰ ওচৰৰে “দ্য শ্বুইং“ নামৰ অত্যাধুনিক বিবাহ ভৱনত মধুলেখাৰ বিয়াৰ ৰিচেপশ্বন। ৰিচেপশন হলৰ সন্মুখভাগ বিবিধ ফুলেৰে সজাই তোলা হৈছে। ৰঙিন লাইটৰ মায়াবী পোহৰৰ মাজেৰে সি ভিতৰলৈ সোমাই গ’ল। কইনাৰ সাঁজত মধুলেখাক বৰ শুৱাইছে। মুখৰ মেকআপ আৰু সুমথিৰা ৰঙী কাপোৰযোৰেৰে তাইক তুলি ধৰিছে।

 : পিয়না, পিয়না... ৰ’বা ময়ো গৈছো।

 দিম্পলে বৰদেউতাক বৰমাকক মাত লগাই বহিবলৈ ধৰিছিলহে, তিনি চাৰি বছৰীয়া ছোৱালী এজনীয়ে তাৰ কাষেৰেই দৌৰ মাৰিলে। তাইৰ লক্ষ্যস্থান আইচক্ৰীম। পিছে পিছে মাকজনীয়েও খৰ খোজ দি তাইক অনুসৰণ কৰিলে।

 : পিয়না... ৰ’বা পিয়না।

 নাই, কণমানিজনীয়ে আজি কাৰো কথালৈ কাণ দিয়ে। তায়ো জানে আজি মাকৰ যিমান খং উঠিলেও অতসোপা মানুহৰ সন্মুখত তাইক দুচাটমান নিদিয়ে। দিম্পলৰ সন্মুখতেই পিয়না নামৰ কণমানিজনীয়ে তিনিবাৰ আইচক্ৰীমৰ বাতি খুজি খুজি আনি খালে। ইফালে লাজে খঙে মাকৰ মুখৰ বৰণ চাবলগীয়া হৈ গৈছে। দিম্পলেও খাই লোৱাৰ কথা ভাৱিলে। প্লেট এখন লৈ সি পোলাও, প্লেন ৰাইচ, চিকেন, মাটন আদি বিবিধ ব্যঞ্জন সজাই ৰখা ঠাইখিনিত থিয় দিলেগৈ। হাতত প্লেট লৈ লৈ খাবকৈ সি প্ৰথমে অসহজবোধ কৰিলেও ভোকত নোখোৱাকৈও নাথাকিল।

 : পিয়না, পিয়না... মই কৈ আছিলোনে তোমাক পৰি যাবা বুলি? চাওঁ, চাওঁ দুখ পালা নেকি?

 সি আইচক্ৰীম ৰখা ঠাইখিনিলৈ চালে। পিয়না কাশ্যপ নামৰ কণমানিজনী মাৰ্বলৰ মজিয়াত পিচল খাই পৰি আছে। তাইৰ হাতৰ আইচক্ৰীমৰ বাতিটো দুহাতমান দূৰত লুটি খাই পৰি আছে। বেচেৰী ছোৱালীজনী! দিম্পলে পিয়নালৈ চাওঁতেই তাই লাজতে ভে ভেকৈ চিঞৰি কান্দিবলৈ ধৰিলে। মাকে তাইক মজিয়াৰ পৰা উঠাই দিওঁতে তাইৰ কান্দোন কমক চাৰি বাঢ়িলহে। কাৰণ স্বাভাবিক। পিয়নাৰ ধুনীয়া গুলপীয়া ফ্ৰকটোত আইচক্ৰীম লাগি গোটেইখন ফুল বাচি পেলালে।

 খাম বুলি ভাৱিও দিম্পলে আইচক্ৰীম নাখালে। কিন্তু অলপ পিছতে পিয়নাই যেতিয়া মাকৰ কোলাৰ পৰা নামি আকৌ আইচক্ৰীমৰ ওচৰলৈ দৌৰ মাৰিলে, তাৰ খাবলৈ মন গ’ল। উঠো-নুঠোকৈ সেমেনা-সেমেনি কৰি গৈ সিও আইচক্ৰীমৰ বাতি এটা উঠাই ল'লে। কিন্তু.. হঠাত

 হঠাত মধুলেখালৈ তাৰ চকু গ’ল। তাইৰ কাষতেই অলপ আগতে বাছত লগ পাই অহা চিন্ময়ীয়ে বিবিধ ভংগীমাত প’জ দি দি ফটো উঠিছে। এবাৰ কইনাক হাতেৰে ধৰি লৈ ফটোৰ প’জ দিছে যদি আনবাৰ কইনাৰ পিছফালে থিয় দিছে। নহ'লে ছেলফি উঠিছে ভিন্ন ষ্টাইলত। সি চিন্ময়ীলৈ চালে। চিন্ময়ীয়ে এতিয়া গুণাৰ সৰু সৰু ফুল বচা সাগৰ নীলা পাটৰ কাপোৰ এসাঁজ পিন্ধিছে। ওঁঠত ডাঠ ৰঙা মেট লিপষ্টিক। তাইক দেখিবলৈ সাংঘাতিক ধুনীয়া লাগিছে।

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড