পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৩

সময় ধৰি তেওঁ একো কব নোৱাৰিলে। তাৰ পিছত কলে, তোমাৰ ওপৰত ইমানবোৰ ঘটনা ঘটি গ'ল। ইমান কষ্ট কেনেকৈ সহি থাকিলা তুমি। ৰীতা তোমাৰ বাৰু ভতিজাজনীৰ কথা মনত পৰেনে! কিয় তুমি তালৈকে নগ’লা বাৰু। এতিয়াওঁ সময় আছে। তুমি ইচ্ছা কৰিলে তালৈ যাব পাৰা। তাই এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত বহিব। বহুত ভাল দৰেই আছে তাই। ভন্টিতে এতিয়াও তাইক একো জনোৱা নাই। মই বাইদেউক কলোঁ, বাইদেউ মই তালৈ গৈ সুখৰ মাজত দুখৰ সৃষ্টি নকৰোঁগৈ। তাই থাকক তাতে সুখেৰে। বাইদেৱে সেইদিনাই মোক তালৈ থকাকৈ মাতি পঠিয়ালে মই সমৰ্থন কৰিলোঁ।

 দুদিনৰ পিছত মই বাইদেউৰ তালৈ আহিলোঁ একেবাৰে থকাকৈ। বাইদেউৰ পুতেক ডাক্তৰ আছিল, তেওঁ মই তাত থকা বুলি জানি বৰ ভাল পাইছিল অন্তত মাকৰ যত্ন ল'ব পাৰিম। বাইদেউৱে তাক মোৰ ক'লা অতীতৰ বিষয়ে তাক জনোৱা নাছিল। সি সদায় সদায় ফোনেৰে মোৰ লগত যোগাযোগ ৰাখি বাইদেউৰ দৰৱ পাতিৰ খোৱা বোৱাৰ কথা বুজাইছিল। এদিন বাইদেউক গা পা ধুৱাই লৈ বিছনাত শুৱাই দিলোঁ। কামৰ পৰা আজৰি হৈ ময়ো তেওঁৰ লগতে বহিলোঁ। বাইদেৱে কোৱাত মই টিভিটো লগাই দিলোঁ, অসমীয়া চেনেল এটাত ৰাজনৈতিক আলোচনা চলি আছিল। তাতে মহানন্দ দত্তও আছিল। তাক তেনেকৈ দেখি মোৰ গা কঁপি উঠিল। বাইদেউৱে ক'লে আজিকালি দিনত বেয়া মানুহবোৰেহে ৰাজনৈতিক নেতা হ’ব পাৰে অ, বহুত কম সংখ্যক ভাল মানুহহে ৰাজনীতিত আছে। বাইদেউৱে হয়তো মোৰ মনৰ কথা বুজি পাইছিল, গতিকে চেনেলটো বদলাই দিছিল। মই বাইদেউক সুধিলোঁ মোৰ বস্তুবোৰ ক'ত আছে? তেওঁ এটা বাকচলৈ আঙুলিয়াই দেখুৱাই দিলে, মই নমাই আনিলোঁ আৰু নিজৰ কোঠালৈ সোমাই আহি মেলি ল'লোঁ। মোৰ আপুৰুগীয়া সম্পত্তি যেন সকলোবোৰ, মই দাদা-বৌৰ ফটো চালোঁ, ভাল হৈয়ে আছে। অন্তত ভতিজাজনীয়ে পিছত চাব পাৰিব। বৌৰ চিঠিখন পঢ়ি মোৰ মনত পুনৰ প্ৰতিশোধৰ ভাৱনা আহিবলৈ ধৰিলে। মই কেনেকৈ তাক শেষ কৰিব পাৰিম! নাই এইবাৰ মই খৰধৰ নকৰোঁ ভালদৰে আগবাঢ়িব লাগিব। এতিয়াটো সি আৰু ক্ষমতাশালী ব্যক্তি হৈ পৰিল। মই মনৰ কথা মনতে ৰাখি বাইদেউৰ ওচৰত সহজ ভাৱেই থাকিবলৈ ল'লোঁ। বাইদেউৰ দৰৱ পাতি সকলো ময়েই ফাৰ্মাচীৰ পৰা আনিবলৈ লৈছিলোঁ। এদিনাখন বাইদেউৰ ল'ৰা তনয়ে আমাৰ লগত কথা পাতি আছিল। সি মোৰ শুশ্ৰুষা দেখি বৰ ভাল পাইছিল, কথা প্ৰসংগত সি ক'লে আজি তাৰ হস্পিতালত পইজনৰ কেছ এটা আহিছিল কোনোবাই চিৰিঞ্জত ভৰাই মানুহজনক ধৰা নপৰাকৈ দিছিল। বহুত পয়মাল হ’ল পুলিচ কেচ যে গতিকে ভাগৰ লাগি আহিছে। সি সোনকালে ফোন ৰাখি থৈছিল। বাইদেৱে সাধাৰণভাৱে কথাটো শুনি থ’লে। কিন্তু মই কথাটো দ-কৈ ভাৱিলোঁ আৰু আহি নিজৰ ডায়েৰীত দৰৱটোৰ বিষয়ে লিখিবলৈ বহি ভাৱিলো তনয়ে চোন নামটো নকলেই। হ’ব মই পিছত সুধিব লাগিব। মই মুঠতে য'তে ত’তে মানুহক মৰাৰ উপায় পালেই লিখি থৈছিলোঁ। দুদিনমানৰ পিছত তনয়ে ফোন কৰোঁতে মই তাক ক'লোঁ - বাবা সেইদিনা যে তুমি পইজন দৰৱৰ কথা কৈছিলা, মোক নামটো ক'বা চোন। সি আচৰিত হৈ সুধিলে তোমাক আকৌ কিয় লাগে। মই কলো তুমি নিশ্চিন্ত থাকা মই বাইদেউৰ অপকাৰ হোৱা কোনো কাম নকৰোঁ। কিন্তু দৰৱ পাতি ময়ে আনি থাকে যে তেতিয়া আন কোনোবাই সেই দৰৱটো দিলেও মই চাব পাৰিম। চোন জানাই তোমালোকৰ মাটি সম্পত্তিলৈ বহুতৰে চকু, তুমি নাথাকা যে বাইদেউৰ ওচৰলৈ বহুত মানুহ আহে কিবা বোলে শ্বপিং মল খুলে। ক’বতে নোৱাৰি মানুহৰ মনৰ কথা। মোৰ কথাত পতিয়ন গৈ সি অৱশেষত নামটো ক'লে। মই লগালগ মোৰ ডায়েৰিখনত দৰৱটো নামটো লিখি থ'লোঁ। বাইদেউৰ তাত থকা সময়বোৰত মই মাইনাজনীৰ খৱৰে পাই আছিলোঁ, তাইৰ ভালে থকাৰ খৱৰে মোৰ মনত সান্তনা দিছিল। দুবছৰ দিন তেনেকৈয়ে পাৰ হৈ গৈছিল। মই বাইদেউলৈ সদায় দৰৱ অনা ফাৰ্মাচীৰ ল'ৰাটোৰ লগত ভাল সম্পৰ্ক ৰাখি গৈছিলোঁ, সি মোক নিজৰ ভায়েকৰ দৰেই মৰম চেনেহ কৰিছিল। এদিন কথাৰ মাজতে মই তাক সেই বিশেষ দৰৱটোৰ কথা সুধিলো, সি মোলৈ আচৰিত হৈ চালে আৰু ক'লে তোমাক আকৌ কেলৈ লাগে সেই বিহ। জানানে কিমান মাৰাত্মক তাৰ এটোপাল দেহত সোমালেই কাম শেষ। মই তাক ক'লোঁ তনয়ে কৈছে মোক এই বিষয়ে, কিন্তু আমাৰ ঘৰৰ কুকুৰটোৰ হয়তো জলাতংক ৰোগ হোৱাৰ লক্ষণ দেখা দিছে। সেইবাবে সি নি আজি তাক খোৱাত মিলাই দিবলৈ কৈছে। কথাখিনি সাজি কৈ মই তাৰ মুখলৈ চালোঁ। সি মোক অবিশ্বাস নকৰিলে ভাৱিলে হয় চাগৈ। বহুত সময় বিচাৰি সি অকণমানি বটল এটা বৰ সাৱধানেৰে কাগজত মেৰিয়াই দি ক'লে – বা, সাৱধান হ’বা কিন্তু দেহত সোমালেও বিপদ। সাধাৰণতে আমাৰ ইয়াত এইবোৰ নাথাকেই এইটো বহুত দিনৰ আগৰ, কাকো নজনাবা আমাৰ ইয়াৰ পৰা নিছোঁ বুলি আনকি তনয়কো নক'বা।

তাক ক’বা নিগনি মৰা দৰৱ খুৱাই মাৰিলোঁ বুলি, কেনেবাকৈ আমি বিপদত পৰিব পাৰোঁ। সি মোক ৰ্ভছ এযোৰো দিলে। মই

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড