পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪০


 কিমান দেৰি তাই শ্বাৱাৰ খুলি বহি আছিল মনত নাই। সি তাইৰ জীৱনলৈ অহাৰ পাছত তাই সুখৰ আবেশত নিজকে বিলিন কৰি দিছিল, দুচকুত সপোন সানিছিল, গোটেই পৃথিৱীখন ৰঙীন হৈ পৰিছিল।...আৰু সি এতিয়াও ৰিয়াৰ মোহত আৱদ্ধ হৈ আছে। তাইৰ অস্তিত্ব তাৰ জীৱনত কি

 বাথৰুমৰ দুৱাৰ খুলি লাহে লাহে তাই ওলাই আহিল। দেখিলে সি তেতিয়াও শোৱা নাই। তাই লৈ চাই সি ৰৈ আছে। ...দুচকুত সমস্ত আকুলতা লৈ। আছে জানো সেই চাৱনি তাইৰ প্ৰতি অৱহেলা!!! তাৰ এনে আহ্বান দুচকুৰ পাৰিবনে তাই উপেক্ষা কৰিব!!!!!

 তাই গৈ বিছনাত বহিল .....বহু সময় নীৰবতাই গ্ৰাস কৰি থাকিল। সি আৰম্ভ কৰিলে

 “...তোমাক কথাবোৰ মই আগতেই ক'ব বিচাৰিছিলোঁ। তুমি শুনিব নিবিচাৰি। আজি তুমি শুনিব লাগিব।..

 একো নকৈ তাই মৌন হৈ ৰ'ল।

 ...সি কৈ গ'ল...কলেজত পঢ়ি থাকোতে এজনী ছোৱালীৰ লগত তাৰ প্ৰেম হৈছিল। অন্য কেইটামান লৰাই ৰেগিং কৰি থাকোঁতে বচাবলৈ গৈ তাইৰ লগত চিনাকি তাৰ।

 সেই চিনাকি পাছলৈ প্ৰেমৰ ৰূপ লৈছিল। সেই সময়ৰ কলেজত সকলোৱে চিনি পাইছিল সেই প্ৰেমিকযুগলক।

 ছয় বছৰীয়া প্ৰেমৰ শেষত তাই তাৰ মৰম ভালপোৱা ভৰিৰে গছকি আঁতৰি গৈছিল। দুয়োখন ঘৰে জানিছিল সিহঁতৰ ভালপোৱা। তাইৰ ঘৰত তাৰ অবাধ অহা যোৱা আছিল। সি কৈছিল তাইৰ ঘৰত তাক সম্পূৰ্ণ বিশ্বাস কৰিছিল, ৰিয়াক তাৰ ওচৰত প্ৰায় এৰি দিছিল। তাকে জোঁৱাই দৰেই ভাবিছিল।.....সকলো সম্পৰ্ক শেষ হৈ গৈছিল এদিন।

 তাই সুধিছিল যিজনী ছোৱালীয়ে তোমাৰ মৰম ভালপোৱা বুজিব নোৱাৰিলে, তোমাৰ প্ৰেম গচকি বেলেগৰ লগত সংসাৰ কৰিলে সেইজনী ৰিয়াৰ নাম আজিও তোমাৰ মুখত লাগি আছে কিয়??? নে তুমি আজিও তাইক পাহৰিব নোৱাৰিলা .......যদি নোৱাৰিলা পাহৰিব মোৰ কি প্ৰয়োজন আছিল তোমাৰ জীৱনত!!!!!!

 ...সি কথা দিছিল নাই আৰু কেতিয়াও তাৰ মুখত নুশুনে তাই সেই বিশ্বাসঘাটৰ কথা

 লাহে লাহে সিহঁত পুনৰ এক হৈ গৈছিল। তাই প্ৰিয়ম ৰ সকলো কথা সামৰি তাৰ মৰমত যেন বিলীন হৈ গ'ল। সিও তাৰ ঘৰৰ মানুহৰ হাতত তাইক গটাই বন্ধু বান্ধৱৰ লগত মিলি গ'ল। নিজৰ ব্যৱসায়ৰ বাবেও সি সেই সময়খিনিত চিন্তিত হৈ পৰিছিল। কাৰণ তেতিয়ালৈকে সি ভালদৰে সফল হ’ব পৰা নাছিল।

 তাৰ মাজতে এদিন তাই গম পালে, তাইৰ মাহেকীয়া আচৰিত ধৰণে বাঢ়ি গৈছে। এনেও তাইৰ নিয়মীয়া নহয়। কিন্তু এইবাৰ যেন বেছি। তাই প্ৰিয়মক ক'লে। সিহত দুয়োটায়ে সোনকালে সংসাৰ বঢ়াব বিছৰা নাছিল। তাই কি কৰিব ভাবি পাৰ পোৱা নাই। কথাটো ঘৰৰ মানুহে গম পোৱাৰ পাছত যেন সকলো জাঙুৰ খাই উঠিল। বিশেষকৈ তাইৰ শাহুয়েক। তাই আচৰিত হল তেওঁলোকৰ আচৰণ দেখি। হয় সোনকাল হ’ল বহুত। সেই বুলি তাই প্ৰথম সন্তান নষ্ট কৰিবনে? পাছত যদি একেবাৰে নহয় তেওঁয়েই তাইক ককৰ্থনা নকৰিবনে? তাই প্ৰিয়মক কথাবোৰ ক'লে। সিও মাকৰ কথা মানি নল'লে। তাই ঘৰত দেখিছিল ওচৰৰ বোৱাৰীবোৰ প্ৰথম মা হ'বলৈ ওলোৱা সময়খিনিত ঘৰৰ মানুহবোৰৰ আনন্দ ঘূৰ্তিবোৰ। আৰু তাই মা হব বুলি জানিব পাৰি প্ৰিয়মৰ ঘৰৰ মানুহৰ তাইৰ ওপৰত কৰা ককৰ্থনা, অৱহেলাবোৰ দেখি মনটো তাইৰ দুখত ভাগি পৰিল। প্ৰিয়মক কৈও একো লাভ নাই। কাৰণ সি ঘৰত মাতেই মাতিব নোৱাৰে। সেইবাবেই তাই মন মনে ৰ'ল।

 তাৰ কেইদিনমান পিছত প্ৰিয়মৰ মাকে তাক মাহীয়েকৰ ঘৰলৈ তাইক লৈ যাবলৈ ক'লে। লগতে বাটতে পাই যোৱা তাৰ আন চিনাকি বন্ধুৰ ঘৰতো ফুৰাই আনিবলৈ ক'লে। তাইৰ অলপো যাবৰ মন নাছিল। গাটো বৰ দুৰ্বল যেন লাগি আছে। তাইৰ। লগতে বমি বমি। তল পেটত কিবা এটাই খামুচি যেন ধৰি আছে এনে লাগিছিল। কিন্তু তাৰ মাকে যি কথা কলে শুনি তাই তবধ লাগিল।

 ...“যোৱা যোৱা বাটত জোকাৰ তোকাৰ খাই ওলাই আহেই কিজানি।” হে ভগৱান! এনে মানুহ থাকে নে? নিজৰ পুত্ৰৰ সন্তানৰ কথা এনেকৈ ভাবিব পাৰেনে?

 ভগৱানক চিন্তা কৰি তাই প্ৰিয়মৰ লগত ওলাল। বাছত।

 তাৰ বন্ধুৰ ঘৰত প্ৰথমে সোমাল। মানুহ ঘৰত বহিয়েই তাইৰ এইবাৰ অবাক হোৱাৰ পাল। তাইৰ লগত কোনো কথাৰ

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড