পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪১

অবতাৰণা নকৰাকৈয়ে সকলো ব্যস্ত হল প্ৰিয়ম আৰু ৰিয়াৰ প্ৰেম কাহিনী লৈহে। তাই বৰ নিজকে অসহায় বোধ কৰিলে। নিজৰ আগতেই লাজ লাগিল তাইৰ।

 .....তাই আচৰিত হ'ল। এইটো বন্ধু নে? যি বন্ধু পত্নীক ন্যূনতম সন্মানখিনিও দিব নেজানে। ভাল বেয়া দুই এটা কথা পাতিবলৈও তাইৰ লগত কথা নাছিল নে? নে ৰিয়া-প্ৰিয়মৰ প্ৰেম কাহিনী শুনিবলৈ তাইক আনিছিল প্ৰিয়মে তালৈ।...তাতকৈ আচৰিত হ'ল প্ৰিয়মক দেখি। সিও যেন অলপো লাজ পোৱা নাই তাইৰ আগত। বন্ধুয়ে কৈ গৈছে ...কেনেকৈ প্ৰিয়ম আগতে বন্ধুৰ ঘৰলৈ যাওঁ বুলি ঘৰৰ মানুহৰ আগত ফাকি দি ৰিয়াৰ ঘৰত থাকে গৈ .ইত্যাদি নানা কথা। আৰু নিজৰ দৰে হাঁহি হাঁহি প্ৰিয়মে শুনি গৈছে।...উস!! নোৱাৰি আৰু ...তাইৰ মনৰ মাজত কি জোৱাৰ উঠিছে সি এবাৰো বুজিব পৰা নাইনে। মুখৰ আগতে স্বামীৰ অন্য নাৰীৰ স’তে অভিসাৰ সহিব পাৰিনে।...পেটৰ গোট মাৰিব ধৰা তেজৰ টুকুৰাটোয়ে যেন তাইক আৰু বেছিকৈ খামুচি ধৰিছিল...ওলাই আহিব খোজা চকুপানী জোৰকৈ সামৰি ৰাখিছিল তাই। কি লাভ আছে চকুলো দেখাই। প্ৰিয়মৰ ওচৰত এই চকুলোৰ মূল্য আছেনে।...সি যেন ভালেই পাইছে ...বন্ধুৰ কথাবোৰত। এনে লাগিল তাইৰ। প্ৰথম দিনাই তাইৰ বুকুত চোকা কটাৰীৰে ৰেপ দিয়া সেই বন্ধু পাছত তাৰ ঘৰলৈ আহিলে প্ৰিয়ম অতি সচেতন আছিল। কিজানি তাইৰ ব্যৱহাৰত বন্ধুয়ে বেয়া পায়...অথত জীৱনৰ আৰম্ভণিতেই তাইৰ কলিজা জ্বলাই থৈ গল তাৰ মৰমৰ বন্ধুয়েই। তাই বাৰে বাৰে অস্তিত্ব হেৰুৱাই গৈ আছে ...। সেই নিশা প্ৰিয়মৰ মাহীয়েকৰ ঘৰত থাকিবলৈ গ'ল তাই আৰু প্ৰিয়ম।

 সন্ধ্যা হোৱাৰ আগে আগে সিহঁত প্ৰিয়মৰ মাহীৰ ঘৰ পালেগৈ। বাটত গোটেই সময়খিনি তাই মৌন হৈয়ে গ'ল। তাই অনুমান কৰিবও নোৱাৰিলে তাৰ মনত সেই কথবোৰ শুনাৰ পাছত কেনে লাগিছে। তাইকো একো সুধা নাই। যেন একো হোৱা নাই এনে ভাব লৈ সি আহি আছে। আৰু বুজিবলৈও যত্ন নকৰিলে তাইৰ মনত কি ধুমুহাৰ সৃষ্টি হৈছে। ...

 মাহীৰ ঘৰ পাই তাই যিমান পাৰে সহজ হবলৈ চেষ্টা কৰিলে। নতুন ছোৱালীজনীক দেখি মাহীয়েকে আদৰ সাদৰকৈ লৈ গ'ল ভিতৰলৈ। ওচৰৰ দুই এঘৰ মানুহো আহিল তাইক চাবলৈ।

 তাই সহজ হৈ পৰিল। ভাল লাগিছে তাইৰ। মনে মনে প্ৰিয়ম লৈ তাই চাই দেখিছে, তাইৰ মুখত হাঁহি দেখিবলৈ পায় সিও যেন সকাহ পাইছে। নানা কথা বতৰাৰে বন্ধুৰ ঘৰত পোৱা পৰিবেশটো তাইৰ মনৰ পৰা আঁতৰি গ'ল।

 ৰাতিলৈ মাহীয়েকে বিধে বিধে খাদ্য বস্তু বনাই, এইটো খোৱা, সেইটো খোৱা কৰি থাকিল। তাইৰ একো খাবলৈ মন যোৱা নাই। পেটটো যেন উফন্দি আহিব এনে লাগিছে।

 প্ৰিয়মে গম পাইছিল কিয় তাই তেনে কৰিছে। কিন্তু একো নক'লে। তাইৰো লাজ লাগিল ক’বলৈ, তাইৰ যে দুমাহ মাহেকীয়া হোৱা নাই।

 শুবৰ সময়ত কাষৰ ৰুমত প্ৰিয়মক শুবলৈ দি মাহীয়েকৰ ছোৱালীজনী তাইৰ লগত শুলে। ৰাতি দুই জনীয়ে নানা কথা পাতিবলৈ ধৰিলে। তাইৰ মনটো বহু লাগিল, পাতল পাতল লাগিল। কথাৰ মাজতে জীনাই কলে, প্ৰিয়ম দায়ে ৰিয়া নামৰ ছোৱালী এজনী ভালপোৱাৰ কথা তুমি জানানেবৌ...............

 পুনৰ তাই উচপ খাই উঠিল সেই নামটো শুনি। ....চৌদিশে কেৱল এটাই নাম ...ৰিয়া... তাই জানো বুলি কলে। পুনৰ তাই ক'বলৈ আৰম্ভ কৰিলে।

 “...আমি যে ভবাই নাছিলোঁ সিহঁতৰ যে বিয়া নহ'ব।”

 ...“আমি একেখন কলেজতে পঢ়িছিলোঁ ...দাদা সদায় তাইৰ পিছে পিছে ঘূৰি থাকে। কলেজৰ একেবাৰে নাম্বাৰ ওন যুটী আছিল ..”

 কিয়নো নহ'ল বিয়া?.....সুধিলে তাই। তেতিয়া জীনাই কলে প্ৰিয়ম দাৰ বায়েকৰ বিয়া হোৱা নাছিল বাবে সি আগবাঢ়িব পৰা নাছিল....। জীনাই কলে। সেইবাবে ৰিয়াতকৈ বহু ডাঙৰ মানুহ এজনৰ লগত ৰিয়াৰ বিয়া হৈ গ'ল। কথাবোৰ সকলো মানুহে জানিছিল। আৰু ক'লে সেই সময়খিনিত দাদা প্ৰায়ে ৰিয়াৰ ঘৰতে আছিল।

 “জানা বৌ ৰিয়া দেখিবলৈ বৰ ধুনীয়া আছিল”

 তাই মৰা শলৈ পৰিণত হৈছিল। জীৱনত প্ৰথম বাৰ প্ৰিয়মৰ লগত ফুৰিবলৈ আহিছে। আৰু তাই শুনিব লগা হ'ল তাৰ প্ৰথম বিফল কাহিনী। আৰু বেলেগ কথা নাথাকে নে মানুহৰ। কিমান সামৰিব তাই....

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড