পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৮

 কলেজৰ দিনৰ সেই বাটৰ প্ৰেম বাটতে শেষ। ঘৰৰ মানুহৰ ভয়ত, দাদাকৰ ভয়ত তাই সেইবােৰ বাদ দিছিল। তাই প্রিয়মক জনাই দিলে, যে সেইবােৰ কথা তাই নুশুনে, অতীত অতীতেই। অতীতক লৈ তাই জীয়াই নাথাকে। অনাগত দিনৰ সপােন ৰচিহে তাই ভাল পায়। তথাপিও সি কৈছিল তাৰ কথাবােৰ শুনিবলৈ। নহ'লে হেনাে তাই পাছত কষ্ট পাব আনৰ পৰা যদি শুনিবলৈ পায়। তথাপিও তাই এই কথাবােৰ বেছি আগ নবঢ়ালে। মাত্র তাই প্রিয়মক ভাল পায় আগত কি আছিল নিবিচাৰে তাই। তাইৰ হাতখন তাৰ দুই হাতৰ মাজত লৈ যাৰ সময়ত সি কৈ গ'ল, তােমাৰ দৰেই জীৱন সংগী বিচাৰিছিলোঁ মই, তুমি মােক সংগ দিলে মই জীৱনত বহু কিবা কৰিব পাৰিম। সীমাহীন প্রতিশ্রুতিৰে বুকু গধুৰ কৰি তাই ঘৰলৈ উভতিছিল। কাণত বাজিছিল সেই গীত। গানৰ কথাবােৰে যেন তাইক কৈ দিছে তাৰ মনৰ কথা।

“হয়তাে তুমিয়েই মােৰ জীৱনৰ প্রথম পুৱতি নিশা
হয়তাে বা তুমি, তুমিয়েই মােৰ সূর্য হেৰাই যােৱা,
তােমাৰ বলেৰে হবওতু পাৰে এইবাৰ ঘৰ সজা।”
“তুমি কৈছিলা আমাৰ সপােন এদিন সফল হ'ব
বন্দী সজাৰ দুৱাৰ ভাঙি দুটি পখী উৰি যাব।”

 তাৰ পিছত দিনবােৰ বৰ বিষাক্ত হৈ পৰিল তাইৰ বাবে। সি তেজপুৰত তাই শিৱসাগৰত, তাক লগ পাবলৈ মনটোয়ে হাহাকাৰ কৰি থাকিবলৈ ললে। আহিম বুলি কৈও অহা নাছিল। ইতিমধ্যে তাইৰ পৰীক্ষাৰ ৰিজাল্ট ওলাল। অর্থনীতিত মেজৰ ৰাখি তাই ডিগ্রী লাভ কৰিলে। তাইৰ এম.এ. পঢ়াৰ ইচ্ছা আছিল যদিও ঘৰত তাইৰ বিয়াৰ কথাহে বেছিকৈ আগবাঢ়িবলৈ ধৰিলে। বিবাহযােগ্য ল'ৰাৰ সঘনে প্রস্তাৱ আহিবলৈ ধৰিলে। এনেসময়তে এদিন প্রিয়ম গৈ তাইৰ ঘৰ ওলাল।

 উলাহে নধৰা হল তাইৰ। মাকৰাে তাক ভাল লাগিল। কিন্তু তাইকহে বেছি কথা পাতিবলৈ দিয়া নাছিল। সৰুৰে পৰা সিহঁত বৰ কাঢ়া শাসনত ডাঙৰ হৈছে। তাইৰ মাত্ৰ খােৱা বােৱা দিয়েই থাকিল। কথা হল অতি সােনকালেই সি ঘৰৰ মানুহ আনিব, বিয়াৰ কথা ঠিক কৰিবলৈ। সেইবাৰ আহি যােৱাৰ পাছত বহুদিন তাৰ খবৰ নােহােৱা হ'ল। তাইৰ দাদকো আন ঠাইলৈ চাকৰি সূত্রে বেলেগ ঠাইলৈ গুচি গ'ল। খবৰ পােৱাৰ কোনাে উপায় নাথাকিল তাইৰ। এদিন তাইৰ নামত এখন চিঠি আহিল প্ৰিয়মৰ। বুকুৰ সমস্ত আৱেগেৰে তাই প্ৰিয়মৰ চিঠি পড়ে। ঘৰৰ আনে নেদেখাকৈ বহু সময় চিঠিখন তাই বুকুত সাৱটি লৈ থাকে, চুমা খায়, বাৰে বাৰে পঢ়ে। আছেনে বাৰু তাৰাে তাইৰ প্রতি এনে আবেগ। যদি আছে সি কেনেকৈ থাকিব পাৰে এবাৰাে তাইৰ ওচৰলৈ নহাকৈ। দিনেদিনে ঘৰত তাইৰ বিয়াৰ কথা বাঢ়ি যাবলৈ ধৰিলে। তাৰ চিঠিৰ পৰা জানিব পাৰিলে সি ঘৰত এতিয়াও কথাবােৰ ক'ব পৰা নাই। কাৰণ তাৰ আর্থিক অৱস্থা তেতিয়ালৈকে বৰ ভাল হােৱা নাই। লাহে লাহে সি ঘৰত জনাম বুলি ক'লে। তাইৰ মূৰত যেন সৰগ ভাগি পৰিল। দেউতাকে মানিব জানাে তাইৰ কথা। কিয় সি ঘৰত কথাবােৰ কোৱা নাই। নে তাক লৈ তাইহে বেছিকৈ সপােন দেখিলে। তাই কৰবাত পাইছিল “বিয়া সেই জনক কৰােৱা যি তােমাক ভালপায়, তুমি যাক ভালপােৱা তেওঁক নহয়।”

 ডুলিয়াজানৰ এঘৰ মানুহৰ লগত তাইৰ বিয়াৰ কথা চলিছে। তাইৰ মূৰে কম নকৰা হ'ল। তাই মাকক ক'লে যদি বেছি জোৰ কৰা আনৰ লগত বিয়া হ'বলে, মনে মনে তাই প্রিয়মলৈ গুচি যাব, নহ'লে বিহ খাই মৰি যাব। কেতিয়াও তাৰ বাদে আন লৰা বিয়া নকৰায়। মাকে কৈছিল, “আমিতাে নিদিওঁ বুলি কোৱা নাই, সি কিয় ঘৰৰ মানুহ আজিলৈকে আনিব পৰা নাই।”আৰু কৈছিল, “তাৰ মাকে তােক কলৰ তলৰ পৰা আদৰি নিলেহে সেইখন ঘৰতেই সুখী হ'ব পাৰিবি।” মাকৰ কথা শুনি তাই থৰে থৰ ৰল ।

 ভয় তাইৰাে লাগিছিল। কি হ'ল তাৰ ...। সি এদিন আহিল। লৈ আহিছে বহু আশাৰ বতৰা। ঘৰৰ মানুহ আহিব, আঙঠি পিন্ধাবলৈ। তেতিয়ালৈকে তাই তাৰ ঘৰৰ মানুহ লগ পােৱা নাছিল, আৰু তাইকো তাৰ ঘৰৰ মানুহে দেখা নাছিল। সি তাইক কৈছিল সপােন সফল হ'বলৈ আগবাঢ়িছে। তাক বহুত সুখী যেন লাগিছে তাইৰ। মুৰত আকাশ ভাগি পৰা লৰাটোক তাই দুহাতেৰে তুলি ধৰিবলৈ তাই নিজক সাজু কৰিলে। তেতিয়ালৈ ঘৰৰ মানুহে তাৰ লগত কথা পাতিবলৈ দিছিল। তাইৰ হাত দুখন স্পর্শ কৰাৰ বাদে সি তাই ৰ বেছি ওচৰ চপা নাছিল। তাইও বহু সংস্কাৰৰ মাজত ডাঙৰ হােৱা। বিয়াৰ আগৰ সেই

অর্ধ-আকাশ ঃ ৰচনাসমগ্র, প্রথম খণ্ড

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড