পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৭

 ৰাতি লৈ যিজন মানুহৰ আগত প্ৰিয়ানুজে তাইক ভাল লাগিছে বুলি কৈছিল তেওঁ আহিল। দাদাক বৌয়েকৰ লগত কি কথা পাতিছে শুনিবলৈ তাই কাষৰ ৰুমটোত কাণ পাতি থাকিল। তেওঁ প্ৰিয়ানুজৰ বিষয়ে বহু কথা ক'লে, বহুত ভাল লৰা, একো বেয়া বস্তু নাখায়, স্বভাৱ চৰিত্ৰ ভাল, গতিকে তেওঁলোকে মানে দাদাকক ভাবিবলৈ ক'লে। কথাবোৰ শুনি তাই ৰ ভাল লাগিল, মদ খোৱা মানুহ ভাল নাপায়। সেই কাৰণে তাইৰ বিয়া বুলিলেই ভয় লাগে, লৰাই মদ-ভাঙ খাই যদি পাছত তাই কি কৰিব। তাৰ বিষয়ে কোৱা কথাবোৰ শুনি তাইৰ অজানিতে যেন বুকুত এক শিহৰণ বৈ গল। তাই মনটোয়ে তাইক যেন কৈছে। তোৰ সপোনৰ সদাগৰ তোৰ নিচেই কাষত

 তাই মনত পেলাবলৈ যত্ন কৰিলে, কোনটো ল'ৰা হব পাৰে। নাই তাইৰ মনত নাই, অথচ মানুহজনে কৈছে লৰাই তাইক একেবাৰেই ওচৰৰ পৰা দেখিছ। তাই হে নাচালে নে। জীৱনত দ্বিতীয়বাৰ তাই বুকুত আবেগৰ নদীৰ ঢল নামিছিল, আৰম্ভণীতেই শেষ হৈ গ'ল। ইতিমধ্যে তাইৰ ঘৰলৈ যোৱাৰ সময় ওচৰ চাপি আহিল। আবেলি কলিংবেলৰ শব্দত বৌয়েকে দুৱাৰ খোলা তাই শুনিবলৈ পালে। বৌয়েক কিবা কথাত বৰ খুচ যেন লাগিল তাইৰ। বাহিৰলৈ আহি পৰ্দাৰ ফাকেৰে তাই দেখা পালে সেই মানুহজন, যাৰ ঘৰত তাই বিয়া খাবলৈ গৈছিল। আৰু শুনা পালে প্ৰিয়ম আৰু তাইৰ অতি সুন্দৰ যোৰা আহিছে। গতিকে এতিয়া সি আগবাঢ়িব আৰু। বৌয়েকে লৰাক এদিন আহিবলৈ ক'লে। তাই বহু দেৰিলৈকে কবনোৱাৰা হৈ আছিল কাণেৰে কি শুনিবলৈ পালে তাই। নিজৰ ওপৰতে খঙো উঠিল, নেদেখা নজনা ল’ৰা এটাৰ বাবে কি ইমান আকুলতা!! হয়তো প্ৰেম এনেকুৱাই॥

“এখোজ দুখোজ তুমি
নিচেই কাষত।
উলাহে নধৰে মোৰ বুকুৰ মাজত”

 “প্ৰেমৰ উপহাৰ লৈ আগবাঢ়ি অহা পুৰুষক কোনো নাৰীয়ে উপেক্ষা কৰিব পাৰেনে হৃদয়েৰে!!” নোৱাৰে। সেয়ে তাইও নোৱাৰিলে। এদিন ল'ৰাটো মানে প্ৰিয়ম তাইৰ দাদাকৰ ঘৰলৈ আহিল। পুৰুষ সুলভ চেহেৰাৰ অধিকাৰী প্ৰিয়মক তাই ভাল লাগিল। ভাল লাগিল তাৰ কথা, তাৰ তাইৰ প্ৰতি গঢ়ি উঠা বিশ্বাস, ভালপোৱাত। তাইও কথা দিলে, প্ৰতিশ্ৰুতি দিলে তাৰ আকুলতাত। দাদাক বৌয়েকৰও আপত্তি কৰিব লগা একো নাথাকিল। তাই তাত থকা দিনকেইটাত সি কেইবাদিনো তাইৰ ওচৰলৈ গ'ল। লাহে লাহে তাই সহজ হৈ পৰিল তাৰ লগত কথা পাতি। স্বভাবতে চঞ্চল তাই, কথাই প্ৰতি খিল-খিলাই হাঁহি থকা তাই ক দাদাক বৌয়েকে বাৰে বাৰে সকিয়াই থাকিল বেছি কথা নহ'বলৈ। কাৰণ তেতিয়ালৈকে তাৰ ঘৰৰ মানুহ অহাই নাছিল। কেৱল ল'ৰাৰ কথাতে তেওঁলোক পতিয়ন যাব পৰা নাছিল তেতিয়ালৈকে।

 তাইক ঘৰলৈ নিবলে দেউতাক আহিল, দেউতাকৰ লগতো সি কথা পাতিলে। দেউতাইও বেয়া নাপালে। মাত্ৰ ক’লে তাৰ ঘৰৰ মানুহৰ লগত কথা পতিব। যিহেতু তাৰ মাক দেউতাক আছে, তেওঁলোকৰ সন্মতি থাকিব লাগিব। সি তাৰ ঘৰৰ মানুহ শিৱসাগৰলৈ যাব বুলি কথা দিলে। তাই ঘৰলৈ যোৱাৰ আগদিনা সি আহিল তাইক লগ পাবলৈ। বাহিৰৰ ৰুমত বহি সি তাইক কৈছিল, তাৰ কেইটামান কথা আছে তাইক কবলৈ। তাই ক'বলৈ কৈছিল। সি পুনৰ কলে “তুমি কথাবোৰ সহজে লব পাৰিবানে।” পুনৰ তাই বুকুত খুন্দা খালে। এনে কি কথা হব যাৰ বাবে সি এনেদৰে কব লগা হ'ল। তাক ইতিমধ্যে তাইৰ বুকুত নিগাজি কৰিছে। এনে কি কথা হ’ব যি তাই হজম কৰিব নোৱাৰিব। তাৰ যি কোনো কথা সামৰিব পৰাকৈ তাই যে এতিয়া সাহসী হৈ উঠিছে সি চাগৈ বুজিয়েই পোৱা নাই। তাই তাক ক'লে তাৰ যিমান কথা আছে তাইৰ আগত সি ক'ব পাৰে। ইমান জটিল মনৰ ছোৱালী নহয় তাই। সি ক'লে, “তুমি যেতিয়া মোৰ জীৱনলৈ আহিবাই, মোৰ কোনো গোপন অধ্যায় তোমাৰ ওচৰত নাৰাখো। তুমি শুনা ইয়াৰ আগতে এজনী ছোৱালীৰ লগত মোৰ এক গভীৰ সম্পৰ্ক আছিল। হ'ব লগ বিয়া নহ'ল।” তাই চক খাই গল। তাই ভাবিছিল তাৰ জীৱনত তাইয়েই প্ৰথম নাৰী। তাৰ গভীৰ ব্যক্তিত্ব গহীন স্বভাৱ দেখি তাই ভাবিবই পৰা নাছিল যে সি তাইক পোৱাৰ আগতেই হৃদয় ভাঙি থৈছে। তাই নিজক বুজালে, তাই পাৰিবৈ লাগিব, উদাৰ হ’ব। হৃদয় পুনৰ গঢ়িবলৈ সি তাইৰ হাত বিছাৰি আহিছে। তাক তাই নিৰাশ নকৰে। কৈছিল, কলেজীয়া জীৱনত সকলোৰে জীৱনত কম বেছি পৰিমানে থাকেই এইবোৰ। গতিকে এইবোৰত তাই ইমান গুৰুত্ব দিব লাগিবই বুলি তাইনাভাবে। আৰু ক'লে তাইৰও আছিল।

আজি সেই লৰাটোৰ চেহেৰাই পাহৰিলে।

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড