পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪

 চকুলো আৰু শব্দবোৰেও যেন প্ৰতাৰণা কৰিছিল তাইক।

 সকলো যেন বুজি উঠিছিল ডাক্তৰ তৃশা কুপ্পীকাৰে।

 কিছুপৰ পিছতেই ডাক্তৰগৰাকীয়ে ভাস্কৰক মাতি কিবা কিবি বুজাইছিল আৰু লগতে দিছিল এখন ঔষধৰ দীঘলীয়া লিষ্ট।

 খঙত গুজৰী উঠিল ভাস্কৰ। গোল মুখখন খঙত তেজাল হৈ পৰিছে। মুখখনৰ ভংগী বিকৃত কৰি ভয়ানক ভাৱে অস্থিৰ হৈ পৰিছে সি।

 : ইমান সুখত ৰাখিছোঁ তোক। তাৰপিছটো তোৰ কিহৰ ডিপ্ৰেছন?? যি লাগে নোখোজাৰ আগতেই আনি দিও। তথাপিও অসন্তুষ্টি তোৰ। মনত পৰিছে নেকি পুৰণি প্ৰেমিকলৈ??

 : ....

 : কি দিছিল সি তোক?? যি মই তোক দিব পৰা নাই।

 : ....

  মই আনি দিয়া প্ৰতিটো ঔষধ নিয়মমতে খা। এনেকৈ শুই বহি থাকিলে নহ'ব। সোনকালে ভাল হ। মই বেলেগ এটা ব্যৱস্থা কৰিম বাৰু। অকণমান ঘৰৰ পৰা ওলোৱা সোমোৱা কৰিলে ভাল লাগিব পাৰে।

 বিৰক্তিত দুৱাৰখন ধামকৈ জপাই দপদপাই ওলাই গ'ল ভাস্কৰ।

 ঈষৎ হাঁহি বিৰিঙি উঠিল তাইৰ ওঁঠৰ একোণত। ভাস্কৰৰ দৰে শৰীৰসৰ্বস্ব, বিলাস সৰ্বস্ব মানুহলৈ পুতৌ জন্মে তাইৰ। তাৰ মতে টকা-পইচা, সা-সম্পত্তি, ক্ষন্তেকীয়া ভোগ বিলাসেই সকলো।

 প্ৰেম শব্দটি বহু দূৰৈত ৰৈ যায়।

 অৱশ্যে ভাস্কৰৰ কি দোষ??

 প্ৰকৃত প্ৰেমৰ অনুভূতিয়ে কেতিয়াও জোকাৰি যোৱা নাই যাক, হৃদয়ত খলকনি তোলা নাই যাৰ .....তাৰ বাবে প্ৰেম মানেই যৌনতা.... আৰু যৌনতাই প্ৰেম।

 অমৃতাই নজনাকৈয়ে বহু আগতেই তাইৰ জীৱনত প্ৰথম প্ৰেমৰ জোৱাৰ আহিছিল। সেই জোৱাৰে চুই গৈছিল অনুৰাগকো। দুয়ো আগতকৈ বেছি গহীন হৈছিল। অনুৰাগৰ লগত চাইকেলত উঠি গলে এক অচিন অনামী শিহৰণে চুই গৈছিল তাইক। মনৰ ভাব বোৰ অপ্ৰকাশ্য হৈ ৰলেও দুয়ো যেন পঢ়ি পেলাইছিল দুয়োৰে চকুত জিলিকি উঠা প্ৰেমৰ সেই মিঠা অনুভূতিক।

 সেইকাৰণেইটো...সেই সময়ৰ যৌৱন উদ্দীপ্ত কোনো অন্য ডেকা লৰাৰ প্ৰেমৰ প্ৰস্তাৱে,...মনৰ গোপন বাৰ্তা কঢ়িয়াই অনা কোনো আৱেগ পৰিপূৰ্ণ প্ৰেমপত্ৰই, অমৃতাৰ হৃদয়ত কোনো মিঠা তৰংগ সঞ্চাৰিত কৰিব নোৱাৰিছিল ...।

 কাৰণ তাই যে ইতিমধ্যে মনে প্ৰাণে মাথো অনুৰাগৰ হৈ ৰৈছিল,...মাথো অনুৰাগৰ।

 দুধাৰী তপত চকুলো বাগৰি আহি চুই গ'লহি অমৃতাৰ ডিঙি , বুকু...।

 আজিও, আজিও অনুৰাগৰ সৈতে জড়িত স্মৃতিবোৰে তাইৰ হৃদয়ত সেই একেই আলোড়ন জগায়। শব্দবিহীন এক সংগীতৰ মূৰ্ছনাই তৰংগায়িত কৰি তোলে তাইৰ সমস্ত হৃদয়...

 শৰীৰ, আত্মা...। সেই প্ৰেমৰ স্মৃতিয়ে দিয়ে তাইক আজিও অনাবিল ঐশ্বৰিক সুখ, সৰগীয় অনুভূতি!!

 পাহৰিব পাৰিবনে তাই অনুৰাগৰ দুচকুৰ অব্যক্ত প্ৰেমৰ কাতৰ আহ্বান .... নতুবা, ভাস্কৰৰ লগত গাড়ীত উঠি গাঁৱৰ ঘৰৰ পৰা ওলাই আহিবৰ পৰত অনুৰাগৰ দুচকুত জিলিকি উঠা সেই দুৰ্ঘোৰ ঔদাসীন্য...??

 কি আছিল সেই ঔদাসীনতাৰ আঁৰত??

 নিজৰ প্ৰতি খং, ক্ষোভ...অমৃতাৰ প্ৰতি অভিমান, নে বিদ্বেষ?? কি আছিল সেই দুচকুত?? লক্ষ্য কৰিছিলনে সি তাইৰ দুচকুত তাৰ প্ৰতি উঠলি অহা এবুকু অভিমান??

 বিছনাখনতে মুখখন উবুৰি সজোৰে উচুপি উঠিল অমৃতা।

 দুচকুৰ আগত ভাহি উঠিছে তাইৰ জীৱনলৈ অমানিশা নমাই অনা সেই কালৰাত্ৰিৰ স্মৃতি...বৰ্ষণমুখৰ সেই নিশাটো,

অৰ্দ্ধ-আকাশ: ৰচনাসমগ্ৰ, প্ৰথম খণ্ড