সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১
অসমীয়া ৰামায়ণ।

আনে সাধিবাক, নপাৰে ইহাক,
 তোমাৰ পাশে আসিলোঁ।
অথন্তৰ কাৰ্য্য, তোমাক এতেকে,
 তপৰ হন্তে জগাইলোঁ॥
দশৰথ নাম, ৰাজাৰ দুই পুত্ৰ,
 প্ৰসিদ্ধ ৰাম লক্ষ্মণ।
পিতৃ বোল পালি, ৰাজ্য পৰিহৰি,
 আসিলা দণ্ডকা বন।৷
ৰামৰ কামিনী, নামে সীতা সতী,
 লগতে আছয় আসি।
ত্ৰিভুবনে নাৰী, নাহি সৰি বৰি,
 বনকো থাকে প্ৰকাশি॥
মোহোৰ বহিন, শূৰ্পনখী যাই,
 দেখিল৷ দিব্য সুন্দৰী।
মোক লাগি তাই, সীতাক আনিতে,
 ধাই গৈল শীঘ্ৰ কৰি॥
ৰামৰ কনিষ্ঠে, বহিনীক ধৰি,
 কাটিলেক নাক কাণ।
শূৰ্পনখী যাই, খৰ দূষণত,
 কহিলেক অপমান॥