এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫
অসমীয়া ৰামায়ণ।
মোহোৰ বিপত্তি হেৰা দেখা বিদ্যমান।
তাৰে ভাই লক্ষ্মণে কাটিলে নাককাণ।৷
ক্ৰোধিলা ৰাৱণ বহিনীৰ শুনি বাণি।
ঘতৰ আহুতি যেন জ্বলিলা অগণি॥
বোলে তই কহ শূৰ্পনখী সত্য কথা।
কোথেৰ মানুষে হেন কৰিলা অবস্থা॥
কিবা ক্ষত্ৰি জাতি হয় কিবা বিপ্ৰ ঋষি।
বনে পশি তপ কিবা কৰন্ত তপসী॥
কেন মতে যুদ্ধ কৰিলেক ভাই খৰে।
কহ ঝাণ্টে কেনমতে গৈল যম ঘৰে॥
কিবা জাতিকুল তাৰ থাকে কোন থান।
কি কাৰণে তোমাৰ কাটিলে নাককাণ॥
সিংহৰ লাঞ্জত ধৰি টানে কোন নৰে।
কাহাল সৰ্পক ধৰি পৰিহাস কৰে।৷
প্ৰমত্ত হস্তীৰ দান্ত কাৰি লৈবে চাৰে।
মৰিবাক লাগি বাঘে এৰে হাল বাৱে॥
ব্ৰহ্মা মহেশত যদি পশয় শৰণ।
তথাপি মোহোৰ হাতে মিলিব মৰণ।৷
কোন নৰে মোৰ মুখে থাপিল চৰণ।
অবিলম্বে নিবো তাক যমৰ কাৰণ॥