সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ৰামায়ণ। মুনি গণে৷ ৰামত বিদায় কৰি গৈলা। ৰাম লক্ষ্মণ সীতা হৰিষে থাকিলা। ৰাৱণক সবংশে নাশিতে সাজ ভৈলা। কান্দি কান্দি শূৰ্পনখী লঙ্কামাজে গৈলা॥ অন্তৰীক্ষ বেগে গৈলা মুখে বায়ু খৰ। দেখে বিমানত আছে ৰাজা লঙ্কেশ্বৰ!! মুখ্য পাত্ৰ মন্ত্ৰী গণ বসি আছে আগে। বাসুকীক বেঢ়ি যেন বৰ বৰ নাগে॥ সিংহাসানে বসি আছে জ্বলে কলেবৰ | ৰাহু গ্ৰহ স্থিত যেন মেৰুৰ উপৰ। মহাকাল মেঘ যেন শৰীৰৰ বৰ্ণ। কুণ্ডলে মণ্ডিত দীৰ্ঘ জ্বলে কুড়ি কৰ্ণ॥ কুৰিগোটা ৰাতুল নয়ণ চমৎ কাৰ। কাল মেঘ মধ্যে কুৰি গে টা চক্ষুতাৰ॥ কুৰিখান বাহু ভয়ঙ্কৰ থুলন্তৰ। পাঞ্চ পাঞ্চ শিৰে যেন কুৰি অজগৰ॥ দশ গোটা শিৰতাৰ কুৰি খান ভৰি। দশ শৃঙ্গে জ্বলয় পৰ্ব্বত কাল গিৰি॥ ঐৰাৰত হস্তীৰ দান্তৰ ঘোৰ ঘাৰে। কৰ বান্ধি আছে সবে ৰাৱণৰ গাৱে 69