সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অৰণ্য কাণ্ড৷


বধিলা বিৰাধ খৰ দূষণ ৰাক্ষস।
পৃথিবী উদ্ধাৰ কৰি প্ৰকাশিলা যশ॥
নাম মাত্ৰে কৰে যাৰ জগত উদ্ধাৰ
হেনয় ৰামক কোটী কোটী নমস্কাৰ॥
জয় সীতা সতী মহালক্ষ্মী অবতাৰ।
অনসুয়া দেবী যাক দিলা অলঙ্কাৰ॥
ৰাৱণৰ বাক্যে যাৰ নটলিল মন।
ৰামতেসে প্ৰাণ যাৰ ৰহিলা চেতন॥
জয়তি লক্ষ্মণ মহা ৰামত ভকত।
সদায় ৰামক যিটো তুষিলা বনত॥
সূৰ্পণখা ৰাক্ষসীক বিৰূপ কৰিলা৷
ভকতৰ প্ৰিয় সাধি দুষ্টক বধিলা॥
শুনা নৰনাৰী যত শ্ৰীৰাম চৰিত্ৰ।
অৰণ্য কাণ্ডৰ কথা পৰম পবিত্ৰ॥
আপুনি ঈশ্বৰ হুয়া দেখাইলা লোকত।
বিষয়ী লোকৰ দুখ আছে নানা মত॥
যাৱত নকৰে নৰে ৰামত ভকতি।
তাৱত নোপজে জ্ঞান শুনিয়ো সম্প্ৰতি॥
অহম্মম মহা মোহ নেৰে জান তাৱে।
ঈশ্বৰ কৃষ্ণত ৰতি নোপজয় যাৱে॥