সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অসমীয়া ৰামায়ণ-


অৰণ্য কাণ্ড।


⸻0⸻


পদ।


জয় জয় কৃষ্ণ ইষ্ট দেব মহত্তৰ৷
পৰম পুৰুষ পৰামাত্মা মহেশ্বৰ॥
অচিন্ত্য মহিমা যাৰ অনন্ত শকতি৷
তাহান চৰণে মোৰ সহস্ৰ প্ৰণতি॥
তানে নাম ৰাম সৰ্ব্বজন অভিৰাম৷
সদায়ে সাধন্ত ভকতৰ মনস্কাম॥
অচিন্ত্য ঐশ্বৰ্য্য রূপ নৰ অবতাৰ৷
ৰামৰ চৰণে কোটী কোটী নমস্কাৰ।
জয় ৰঘু নন্দন শ্ৰীৰাম চন্দ্ৰ হৰি।
ভকতৰ বাক্য ৰাখি বনবাস ফুৰি॥
কৰিলা পবিত্ৰ বনভূমি সমস্তয়।
যাহাৰ চৰণ সৰ্ব্ব তীৰ্থৰ অন্বয়॥