এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৮
অৰণ্য কাণ্ড।
বাহু ছেদদেখি ৰঙ্গ ভৈলেক তাহাৰ।
ৰাম লক্ষ্মণক জানি পাছে পুনৰ্ব্বাৰ॥
কহিয়ে৷ কহিব তোৰা কিবা এতে কাম।
জানো ত্ৰিজগতে নাহি তোমাক উপাম॥
বদতি লক্ষ্মণ শুনা নিশাচৰ কাজ।
আমাৰ জনক দশৰথ মহাৰাজ॥
সপত্নী মাতৃৰ বোলে বনক পঠাইল।
আমাৰ সন্তাপে পিতৃ প্ৰাণক সুজাইল॥
এহেন্তে শ্ৰীৰাম মহ৷ পিতৃত ভকত।
ইহান গৃহিনী সীতা হৰাইলা বনত॥
তাহাঙ্ক খুঁজন্তে আমি ফুৰোঁ বনে বনে।
তই কেন ছেন ঠান কহ এতি ক্ষণে॥
বোলন্ত কবন্ধে কিনো আনন্দ আমাৰ।
শাপৰ উদ্ধাৰ মোৰ ৰাম অবতাৰ॥
পূৰ্ব্বত আছিলোঁ মই গন্ধৰ্ব্ব শোভন।
ৰাক্ষস স্বৰূপ হুয়া গৈলো তপোবন॥
ঋষিসব ডৰুৱাইলোঁ হৈল মোত পাপ।
থুলশিৰা নাম ঋষি মোক দিলা শাপ।৷
আসি ঋষি গণক দিলিহি মহাভয়।
বিকৃত ৰাক্ষস হও বুলিলো নিশ্চয়॥