সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৭
অসমীয়া ৰামায়ণ।

ধিক ধিক আমাৰ বীৰত্ব সমুদাই।
সীতাক হৰাইলোঁ আবে মৰোঁ দুয়ো ভাই।৷
লক্ষ্মণে বোলন্ত নুহি অনুশোচ বেলা।
দুৰ্ঘোৰ আপদে পাইলে নুযুৱাই হেলা॥
শীঘ্ৰ কৰি দৃঢ় মুষ্ঠি খড়্গ ধৰিয়োক।
মুণ্ড নাহি ইহাৰ বাহুক ছেদিয়োক॥
কবন্ধে বোলন্ত ওবা তুমি কোন দুই।
মহাবীৰ দুইকো জানিলোঁ হাতে চুই॥
হাতে ধৰি আটন্তে ফাৰিল মোৰ ছাল।
নাহি ত্ৰিভুবনে নাহি হেন মুনিস্ব বিশাল॥
দেবাসুৰ মাজে যত বীৰক দেখিলোঁ।
সবাতো অধিক তোৰা দুইহাঙ্কো লেখিলোঁ।
বজ্ৰসম হাতে মই আঁটিলোহোঁ চাপি।
কিনো বীৰ জীৱ গোট নগৈল তথাপি॥
মোৰ হন্তে বিধি কিবা মিলাইলেক আনি।
যাবে নাহি গিলোঁ কহা স্বৰূপ কাহিনী॥
কবন্ধৰ বচনে নকম্পিলা ৰাম কায়।
দুইখান খড়গ ধৰিলন্ত দুই ভাই।৷
বাহুৰ মূলত তাৰ বেগে কোব দিল।
ভয়ঙ্কৰ দুই বাহু চিণ্ডিয়া পৰিল।৷