সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭০
অৰণ্য কাণ্ড।

হৰিৰ চৰিত্ৰ, নুশুনিল চিত্ত,
 কিঞ্চিতো নছাড়ে কাম।
অনন্ত কন্দলী, কহে নিৰন্তৰে,
 ডাকি বোলা ৰাম ৰাম॥

— — 0 — —


পদ।

ব্ৰহ্মাৰ আদেশ ইন্দ্ৰ শিৰে তুলিলৈল।
হাতত পায়স লৈই লঙ্কাত পশিলা॥
ৰাক্ষসী সবক প্ৰহাৰিলা নিদ্ৰাবাণ।
অচেতনে পৰিনিদ্ৰা গৈলা সেহিথান॥
ৰামৰ সন্তাপে কৃশ ভৈলন্ত গোসানী।
আগ হুয়া ইন্দ্ৰে পাছে বুলিলন্ত বাণি॥
চিনিয়ো গোসানী সীতা মই অখণ্ডল।
ৰাম লক্ষ্মণৰ বাৰ্ত্তা সকলে কুশল।৷
ব্ৰহ্মায়ে পঠাইলা মই আনিলোঁ পায়স।
নাহিকে সংশয় আক ভুঞ্জিও আৱেশ॥
শত বৰিষত ক্ষুধা তৃষা নলাগিব।
শৰীৰ শীতল হৈব সন্তাপ নাশিব॥