সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৯
অসমীয়া ৰামায়ণ।

ৰামৰ লীলাক, কোনে বুজিবেক
 আপুনি ঈশ্বৰ হুয়া।
মায়া মৃগ জানি, তথাপি গৈলন্ত
 সীতাৰ বাক্য ৰাখিয়া॥
জগত তাৰিতে, দেখাইলা চৰিত্ৰ,
 মনুষ্যৰ বেশ ধৰি।
নহি কি ঈশ্বৰ, তাহান ভাৰ্য্যাক
 ৰাক্ষসে লই যাই হৰি।৷
এহি সব কথা, শুনন্তে লোকৰ,
 ৰামত মজিব মন।
এতেকেসে ইটো, চৰিত্ৰ ৰামৰ,
 নিস্তৰে পাতকী গণ॥
অজ্ঞানী সকলে, ইহাক নুবুজি,
 জীৱন বিফল কৰে।
ৰাম গুণ নাম, তেজি আন কাম,
 মিছা বিষয়ত মৰে।৷
পুত্ৰ দাৰা গৃহ, মোহে মুগ্ধ হুই,
 দণ্ডেক আক নুশুনে।
বৃথা কাল গৈল, কিবা ভাল ভৈল,
 ইহাক মনে নুগুণে॥