সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ৰামায়ণ। হেন জানি শুনা নৰ যাৰ আছে বুদ্ধি। কৃষ্ণ কথা শুনিলেসে চিত্তহোৱে শুদ্ধি অনন্ত কন্দলি কহে এৰা আন কাম। খণ্ডোক পাতেক ডাকি বোলা ৰাম ৰাম | দুলড়ি। বিশ্বা মিত্ৰ আদি, ঋষিগণে যজ্ঞ, কৰিবাক নপাৰন্ত। আৰম্ভিলে মাত্ৰে, ৰাক্ষসে বিনাশে, পাছে হেন শুনিলন্ত॥ পৰম পুৰুষ, ৰাম অবতাৰ, নৃপ দশৰথ ঘৰে। পাছে ঋষি যাই, ৰামক মাগিল', যজ্ঞ ৰাখিবাৰ ভৰে। ৰাম লক্ষক্ষ্মণ, দিলন্ত পঠাই, দশৰথ ধৰ্ম্ম মতি। পথত বিষম, তাৰকা ৰাক্ষসী, বধিলন্ত ৰঘুপতি। ১৩