সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
অৰণ্য কাণ্ড।

মোৰ ৰূপ দেখি ৰাজা গণ ভৈলা ভোল।
নিশব্দ সভা নাই বাদ্যভণ্ড ৰোল॥
যতেক নৃপতি গণে ধনুক ধৰিলা।
আচোক ভাঙ্গিবে গুণ দিতে নপাৰিলা॥
কৰে হাহাকাৰ ৰাজা গণ মোহ হুই।
কোহোঁ বোলে ৰাজাক বোলো কোন মুই।৷
পাইলেক প্ৰয়াস সুলকিল কেশ পাশ।
মোক চাই ৰাজা গণে তেজন্ত নিশ্বাস॥
বাপৰ বিষাদ ভৈলা নাহি ৰঙ্গ ঢঙ্গ।
হৰি হৰি বিধি স্বয়ম্বৰ ভৈলা ভঙ্গ॥
শুনা অনশুৱা সতী কহিবো তোমাত।
যেন মতে স্বামী ভৈলা ৰাম ৰঘুনাথ॥
শুনা সভাসদ পূণ্য কথা ৰামায়ণ।
শ্ৰবণতে হৱে মহা পাতক নাশন॥
দেব ঋষি পত্নী অনশুৱা মহাসতী।
ৰামৰ চৰিত্ৰ শুনিবাক মহাৰতি॥
ঈশ্বৰৰ কথাতেসে মতি মহন্তৰ।
শুনয় পঢ়য় আক কহে নিৰন্তৰ॥
ধৰ্ম্ম অৰ্থ কাম মোক্ষ পুৰুষাৰ্থ চাৰি।
শ্ৰৱণতে সাধে মাধৱত ভক্তি কৰি॥