সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৭
অসমীয়া ৰামায়ণ।

জটায়ু বোলন্ত বৃদ্ধ ভৈলোঁ মই শ্ৰান্ত।
খনিক বিশ্ৰাম কৰা হওঁ উপশান্ত॥
জটায়ু প্ৰয়াস দেখি ৰাবণ হৰিষ।
আৰ কিবা চাওঁ আবে চলোঁ নিজ দেশ॥
এহি বুলি কোলে তুলি জানকীক লৈলা।
আতি মহা বেগ ধৰি গগণে চলিলা॥
হেন দেখি জটায়ু পাছতে ডেৱ দিলা।
পিঠিত পৰিয়া তাৰ পাখা সাবটিলা॥
স্তন দুইৰ মাজে নখে কৰিল বিদাৰ।
চট চটি যেহেন চিড়িলা কলা খাৰ।৷
হস্তীৰ পিঠিত যেন মাহুত ছড়িলা।
নখাঙ্কুশ ঘাৱে দশ শিৰ বিদাৰিলা॥
বিহ্বল ৰাৱণ ভৈলা নপাৱে উপাই।
পিঠিত জটায়ু আছে মত্ত গজ প্ৰাই॥
হিয়া মুণ্ড গল পিঠি সকল শৰীৰ।
নখ ঠোট প্ৰহাৰে কৰিলে চিৰাচিৰ॥
ৰাৱণৰ কেশ কোঞ্চা ঠোটে কঞ্চে ধৰি।
সোপাসোপে উভাৰি পেলাইলা কোপ কৰি॥
মুণ্ডত উঠিয়া পাছে চৰণে জান্তিলা।
বিহ্বল স্বৰূপ হুয়া ভূমিত নামিলা॥