এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৬
অৰণ্য কাণ্ড।
জটায়ু উৰাৱ কৰি মাৰে তাৰ পথ।
বেগে আসি লাথি হানি ভাঙ্গিলেক ৰথ॥
দেখি বীৰ ৰাৱণৰ হৃদয় কম্পিলা।
সীতাক কোলাত লৈয়া ভূমিত নামিলা॥
বুলিলা জটায়ু পাছে ক্ৰোধে ৰাৱণক।
এভু প্ৰাণে জীবিযেবে তেজস সীতাক॥
মোক সম নহস ৰামৰ হৈবি আগ।
অবশ্যে কাটয় যেন উছৰ্গিলে ছাগ॥
ৰামৰ শৰত তই হৈবি বলি দান।
হিতশুন সীতা এড়ি চল নিজ থান॥
সাক্ষাতে ঈশ্বৰ ৰাম নমানস পাপী।
সীতাক ছাড়িলে মাত্ৰ ৰাখিবো তথাপি।৷
ৰাৱণে বোলয় কত কদৰ্থস আৰ।
যতলাগে কৰিলি মিত্ৰৰ প্ৰতিকাৰ।৷
ৰথ ভাঙ্গি ভূমিত পেলাইলি কৰি গুৰি।
এভু ক্ষমা কৰা পক্ষী চল মান্য সাৰি।৷
অবশ্যে সীতাক মই হৰি নিবো লঙ্কা।
তই হেন পক্ষী লক্ষৈকক নাহি শঙ্কা॥
আউৰ যেবে উপদ্ৰব কৰস আমাক।
বধিবোঁ নিশ্চয় তোক এবে প্ৰাণ ৰাখ।৷