সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৭
অসমীয়া ৰামায়ণ।

হাসিয়া বোলন্ত লখাই শুনিলি বচন।
মৃগ ছালে বসিতে সীতাৰ ভৈলা মন॥
সাক্ষাতে সীতাৰ দেখা পূৰোঁ মনোৰথ।
সীতাসতী ভাৰ্য্যা মোৰ পৰম ভকত॥
সুবৰ্ণৰ মৃগছালে বসিয়া থাকিব।
লেট কমলিৰ সুখ ইহাতে লভিব॥
মইচলি যাওঁ হেৰা মৃগমাৰিবাক।
যাৱে নাহি আসোঁ তাৱে ৰাখিবা সীতাক॥
লক্ষ্মণে বোলন্ত দদা দেখো বিপৰীত।
হেন ঠান মৃগ নতু দেখো কদাচিত।৷
ঋষি সবে কহিয়া আছন্ত মোতকাজ।
মাৰিচ ৰাক্ষস আছে এই বনমাজ॥
ৰাজা সব যত মৃগ মাৰিবাক যাই।
সুবৰ্ণৰ মৃগ হুয়া ধৰি ধৰি খাই॥
কহিত দেখিছা মৃগ সুবৰ্ণৰ কায়।
মাণিক মুকুতা হিৰা জ্বলে ঠাই ঠাই॥
আপুনিয়ো প্ৰভু চাহিয়োক ভাল কৰি।
মাৰিচে যে ফুৰে মৃগ মায়াৰূপ ধৰি॥
ৰামে বুলিলন্ত যদি মাৰিচ হোৱয়।
সুজুহোঁ ঋষিৰ ধাৰ পোশোঁ যমালয়॥