সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬
অৰণ্য কাণ্ড।

প্ৰভু মই তোমাত এতেক বৰ চাওঁ।
ইহাৰ ছালত যেন বসিবাক পাওঁ॥
এহি মৃগগুটি যেবে ধৰি দিয়া স্বামী।
হওঁ তেবে তোমাৰ পৰম প্ৰিয়া আমি॥
ইহাৰ সদৃশ মৃগ নেদেখো বিশেষ।
অযোধ্যাক নিবো এই বনৰ সন্দেস॥
জীৱন্ততে ধৰা যেবে তেবে মোৰ ভাল।
নুহি আৰু মাৰি মোক আনি দিয়া ছাল |
তুমি আমি দুইহান্তে থাকিবো আতে বসি।
ৰোহিণী সহিতে যেন আকাশত শশী॥
ইটো মৃগচৰ্ম্ম অযোধ্যাক লাগি নিবো।
শাশু সকলত মই হৰিষে কহিবো॥
হেন ঠান হৰিণ নাহিকে একো বনে।
বেঢ়ি বেঢ়ি চাইব আক অযোধ্যাৰ জনে॥
মোহোৰ টিকৰ স্বামী তুমি ৰঘু নাথ।
চৰণত ধৰি মই মাগোহোঁ তোমাত॥
তোমাৰেসে পূণ্য যশ প্ৰকাশে জগত।
মৃগ গুটি দান মাগোঁ দিয়োক সম্প্ৰতি॥
পৰম ভকত ৰামে কৰন্ত কাকুতি।
ভকত বৎসল তুষ্ট ভৈলা ৰঘুপতি।