সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪
অৰণ্য কাণ্ড।

বৈষ্ণবৰ দোষে তোৰ আয়ু ভৈলা ক্ষীণ।
মহন্তক দুখ দিয়া জীবি কত দিন॥
তোৰ হাতে নমৰিয়া মৰিবো ৰামত।
মোহোৰ জীৱন আশা নেদেখো মনত॥
তোহোৰ হাতত ম‍ই প্ৰাণ নুসুজাওঁ।
ৰামৰ হাতত পৰি সপ্ত স্বৰ্গ যাওঁ॥
হেন শুনি ৰাবণ মনত ৰঙ্গ ভৈলা।
আশ্বাসিয়া মাৰিচক ৰথে তুলি লৈলা॥
ৰামক সুমৰি মাৰিচৰ কাম্পে কাই।
যেন চোৰ ধৰি কাটিবাক লৈয়া যাই॥
শীঘ্ৰে ৰথ বাহিয়া ৰামৰ পাইলা থান।
ৰাৱণে বোলয় মমা হুয়ো সাবধান॥
দেখহ কদলি বন ৰামৰ আশ্ৰম।
ফলে ফুলে ঝক মক দেখি মনোৰম॥
চৰণত ধৰোঁ মমা মোৰ বোল ধৰ।
মৃগৰূপ ধৰিয়া সীতা মোহ কৰ॥
শুনিয়া মাৰিচে পাছে ৰথৰ নামিলা।
ৰথে ছড়ি দশগ্ৰীৱ লুকাই ৰহিলা।
মাৰিচে গুণয় ভয়ে ভৰি নযাই আগ।
কাটিবাক নেই যেন আষ্টমীৰ ছাগ॥