পৃষ্ঠা:অসীমৰ বীণ.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভাইটি (ভাতৃ বিয়োগত)

ভাইটি!
একেলগে আমি দুয়ো
 আছিলো উমলি
 ফুল পাত ধূলি বালি লৈ,
কিনো বেজাৰত তই
 গুছি গলি গৈ
 অকলৈ মোক এৰি থৈ।

আকৌ ভাইটি তই
 নাহিবিনে ঘূৰি
 নুশুনিম তোৰ মিঠা মাত,
নেদেখিম নেকি তোৰ
 শুৱনী মুখনি
 দেখিলেই হিয়া পৰা শাত?

থাকি যদি বেয়া পাৱ
 কিয় আহিছিলি
 সুন্দৰ স্বৰগ বাস এৰি
সৰগতো মোৰ দৰে
 চেনেহত পমা
 লগৰীয়া পালিনে বিচাৰি?