পৃষ্ঠা:অসম সাহিত্য সভা ষষ্ঠদশ.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[ ২৫ ]

 আমাৰ বৰ্ণমালাৰ সংস্কাৰ, বৈজ্ঞানিক শব্দৰ পৰিভাষা সংকলন, আৰু পাঠ্যপুথি বিলাকৰ সমালোচনাৰ বাবে অসম সাহিত্য সভাই বেলেগ বেলেগ সমিতি স্থাপন কৰি শীঘ্ৰে কাৰ্য্য কৰিব বুলি আশা কৰিলো।

 অসম উপত্যকাৰ সকলো চৰকাৰী আৰু চৰকাৰৰ সাহায্য পোৱা স্কুলবিলাকত যাতে একমাত্ৰ অসমীয়া ভাষাই শিক্ষাৰ বাহন হয় তাৰ বাবেও আমি আন্দোলন কৰা উচিত।

 অসমৰ গুৱাহাটী নগৰত বিশ্ববিদ্যালয়, মিউজিয়ম, আৰু হাইকৰ্ট স্থাপন কৰা নিতান্ত আৱশ্যক। সম্প্ৰতি কটন কলেজত অসমীয়া ভাষা আৰু সাহিত্য সম্পৰ্কে এখন সুকীয়া চিয়াৰ (Chair) শীঘ্ৰে স্থাপিত হোৱা উচিত। অসমৰ মাজ ঠাই চিত্ৰলেখাৰ জন্মভূমি এই তেজপুৰত চাৰু- শিল্প বা কলাবিদ্যা আৰু সঙ্গীত শিক্ষাৰ কাৰণে এখন বিদ্যালয় (School of Art and Music) হোৱা বাঞ্ছনীয়। চিত্ৰকলাৰ নিমিত্তে অসম সাহিত্য সভাই বছৰি একোটা পুৰস্কাৰ ঘোষণা কৰাও ভাল দেখোঁ।

 আমাৰ আইসকলে সৰু সৰু লৰাছোৱালীক নাম-গুণ গাই, সাধুকথা কৈ নিচুকায, শুৱায়। শিক্ষিত মহিলা সকলে সাধুকথাৰ পুথি লিখি প্ৰকাশ কৰিব পাৰে। বুঢ়ী আইসকলৰ মুখে সৰু কালত শুনা অনেক সাধুকথা এতিয়াও অপ্ৰকাশিত হৈ আছে।

 অসমৰ গাঁৱে গাঁৱে যাতে অসমীয়া পঢ়াশালি স্থাপিত হয়, মৌজায় মৌজায় যাতে সাহিত্য সভা আৰু পুথি-ভঁৰাল পতা হয়, কোনো লৰা- ছোৱালী যাতে পঢ়াশালিৰ অভাৱত নিৰক্ষৰ হৈ থাকিবলৈ নাপায়, আমি সকলোৱে মিলি তাৰ নিমিতে চেষ্টা কৰিব লাগে। গাওঁ-সংগঠন, কুটীৰ শিল্পৰ পুনৰুদ্ধাৰ, অস্পৃশ্যতা বৰ্জন, সমবায় সমিতি স্থাপন, স্বদেশী গ্ৰহণ আদি কাৰ্য্যৰ দ্বাৰা আমাৰ আৰ্থিক আৰু সামাজিক অৱস্থাৰ উন্নতি হব। অন্যান্য প্ৰদেশৰ পৰা আহি অসমত নিগাজিকৈ বসতি কৰা

বনুৱা আৰু পমুৱা বিলাকক আমাৰ ভাষাৰ ভিতৰেদি জ্ঞান আৰু ধৰ্ম্ম