পৃষ্ঠা:অসম সাহিত্য সভা ষষ্ঠদশ.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[২৩]

পুথিখন ছপা হলে অসমীয়া ভাষাৰ বুৰঞ্জীৰ এটি উজ্জ্বল আৰু গৌৰৱ ময় আধ্যা প্ৰকাশ পাব।

 কলা বিশাদৰ শ্ৰীমান জ্যোতিপ্ৰসাদৰ অপূৰ্ব্ব দান জয়মতী কথা-ছবি এই বছৰতে ৰাইজৰ আগত দেখুৱা হৈছে। তেওঁৰ “শোণিত কুঁৱৰী” আৰু “কাৰেঙৰ লিগিৰী” নাটকৰ অভিনয় অনেকে দেখি সন্তোষ পাইছে। তেওঁ অসমীয়া গীতত নিভাজ অসমীয়া সুৰ দি পুৰণি কলীয়া ৰাগ ৰাগিনী উদ্ধাৰ কৰি আমাৰ সঙ্গীতত যুগান্তৰ আনিছে। তেওঁ কিছুমান সুন্দৰ জাতীয় গানো ৰচনা কৰিছে।

 অসমৰ কেবা ঠাইতো এই বছৰৰ ভিতৰত পাঠাগাৰ স্থাপিত হোৱা শুনি ভাল লাগিছে। বিশেষ সন্তোষৰ বিষয় এই যে অসম উপত্যাকাৰ স্কুল সমূহৰ সুযোগ্য ইন্সপেক্টৰ শ্ৰীযুত শৰৎচন্দ্ৰ গোস্বামীদেৱে চলন্ত পুথি ভৰালৰ দিহা কৰিছে।

 এই বছৰত সাহিত্য সভাৰ সংখ্যাও বাঢ়িছে বুলি শুনি আমি ভাল পাইছো। অসম সাহিত্য সভাই গাঁৱৰ শাখা সাহিত্য সভা বিলাকৰ বছেৰেকীয়া বৰঙ্গনি ১০ টকাৰ ঠাইত ৬ টকা কৰা উচিত বুলি ভাবো। সুসাহিত্যিক শ্ৰীযুত ডিম্বেশ্বৰ নেওগদেৱে সম্পাদন আৰু প্ৰকাশ কৰা “কাব্য-প্ৰতিভা” এই বছৰৰ এখন লেখত লবলগীয়া শ্ৰেষ্ঠ পুথি।

 শ্ৰীযুত সৰ্ব্বেশ্বৰ শৰ্ম্মা কটকীদেৱে অসমৰ শিলৰ ফলিবিলাকৰ লিপি সংগ্ৰহ কৰি পুথিৰ আকাৰত প্ৰকাশ কৰা বাবে আমি তেখেতলৈ এখন শলাগৰ শৰাই আগ বঢ়াইছো।

 শ্ৰীযুত কুমুদেশ্বৰ বৰঠাকুৰদেৱে তিনটা চিনেৰে পৃথীবীৰ ভালেমান ভাষাৰ আখৰ লিখিব পৰা যি সহজ উপায় উদ্ভাৱন কৰিছে, সেই বাবে তেওঁ শলাগৰ পাত্ৰ।

 ছবছৰীয়া ছোৱালী শ্ৰীমতী সাধনা আইদেউৰ গান চেনোলা ৰেকৰ্ডত