পৃষ্ঠা:অসম সাহিত্য সভা ষষ্ঠদশ.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[ ২২ ]


ৰাইজৰ বৰঙ্গনিৰে সজা হয়। মহাৰাণী ভিক্টৰীয়া ভাৰতেশ্বৰীৰ হীৰক জুবিলী উৎসৱৰ বাবে যি টকা উঠোৱা হয়, তাৰ পৰা কিছু টকা খৰচ কৰি উক্ত টাউন হলত “ভিক্টৰীয়া জুবিলী লাইব্ৰেৰী” নামে জুবিলীৰ সোৱৰণি স্বৰূপে সৰ্বসাধাৰণৰ কাৰণে এটি পাঠাগাৰ স্থাপন কৰা হয়। এই লাইব্ৰেৰীত ইংৰাজী, বঙ্গলা, অসমীযা অনেক পুথি আছে। বাতৰি কাকত আৰু আলোচনীও ইয়াত পঢ়িবলৈ পোৱা যাব।

 তেজপুৰৰ বাণ থিযেটাৰ হল তেজপুৰ বাসীৰ অন্যতম কীৰ্ত্তি। ইয়াত হাতে লিখা অৱস্থাত অভিনীত হোৱা কেবাখনো নাটক উক্ত থিয়েটাৰৰ ফাণ্ডৰ পৰা পাছে ছপা কৰোৱা হৈছিল।

 বন্ধুসকল, সাধাৰণ শিক্ষা বিস্তাৰ আৰু দেশাত্মবোধ জনোৱাত বাতৰি কাকত আৰু আলোচনীয়ে বৰ সহায়তা কৰে। আমাৰ দেশত আগেয়ে দিনীয়া বা দুদিনীয়া বাতৰি কাকত নাছিল, বৰ সুখৰ বিষয় যে এই ১৮৫৭ শকৰ ভিতৰতে বোৰহাটৰ পৰা দৈনিক “নগৰৰ কথা”, ‘দৈনিক বাতৰি' আৰু দুই দিনীয়া ‘অসম' আৰু তিনদিনীয়া ‘অসম ৰাইজ’ কাকত ওলায়। এই কাকত বিলাকৰ পৃষ্ঠপোষক আৰু সম্পাদকসকল অশেষ ধন্যবাদৰ পাত্ৰ। গুৱাহাটীৰ পৰা সাদিনীয়া 'ডেকা-অসম, আৰু “প্ৰতিভা”, নগাঁৱৰ পৰা শিশুপাঠ্য মাহেকীয়া “অৰুণ” ওলোৱাত, আৰু মহিলাসকলৰ কাৰণে “লখিমী” ওলাব বলি শুনি আমি সন্তোষ পাইছো।

 এই শকতে অসমীয়া ভাষাৰ গঠন আৰু ক্ৰমোন্নতি বিষয়ে এখন গভীৰ গবেষণা পূৰ্ণ পুথি লিখি অধ্যাপক শ্ৰীযুত বানীকান্ত কাকতিদেৱে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা “ডক্টৰেট” উপাধি পোৱাত সদৌ অসমে পৰম আনন্দ পাইছে। ডাক্তৰ কাকতি দেৱৰ এই সম্মানত অসমীয়া মাত্ৰেই গৌৰৱ বোধ কৰিছে। এই সম্মিলনেও আনন্দ প্ৰকাশ কৰি তেখেতক সম্বৰ্ধনা কৰিব বুলি আশা কৰিলো। তেখেতৰ এই অমূল্য