পৃষ্ঠা:অসম সাহিত্য সভা ষষ্ঠদশ.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[ ১৯ ]

ভাষাত অনুবাদ কৰি ছপাই বিনামূল্যে বিতৰণ কৰে। তেওঁ লিখ। "লম্বোদৰ বৰাৰ জীৱনী” “উষা” কাকতত ওলাইছিল। তেওঁ আৰু শ্ৰদ্ধাস্পদ জয়দেৱ শৰ্ম্মা প্ৰমুখ্যে ইয়াৰ কিছুমান ভদ্ৰলোকে মিলি Assam central Press নামে এটি মুদ্ৰাযন্ত্ৰ ইয়াত স্থাপন কৰি ১৯০০ খৃষ্টাব্দত ইংৰাজী আৰু অসমীয়া ভাষাত সাদিনীয়া বাতৰি কাকত আৰু আলোচনী ৰূপে ‘অসম বন্তি’ উলিয়ায়। গুৱাহাটীৰ ৺মথুৰা মোহন বৰুৱাই সেই কাকত সম্পাদন কৰে। কেই বছৰ মানৰ পাছত সেই কাকত আৰু প্ৰেছ ৰায় বাহাদুৰ শ্ৰীযুত পদ্মনাথ গোহাঞি বৰুৱাৰ হাতলৈ আহে। তেওঁৰ যত্নত “অসম-বন্তি” এতিয়ালৈ ধিমিক ধামাককৈ জ্বলি আছে। তেওঁ এই উষাৰ নগৰৰ পৰাই “উষা” নামে এখন মাহেকীয়া আলোচনী কাকত উলিয়াইছিল।

 শ্ৰদ্ধাস্পদ শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা ককাইদেৱে কলিকতাত পঢ়া অৱস্থাতে ১৮৮৯ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে জোনাকী কাকত উলিয়ায়। প্ৰথম বছৰত তেৱেঁই এই কাকতৰ সম্পাদক আছিল। “জোনাকীয়ে" বৰ্তমান অসমীয়া সাহিত্যক যি গঢ় দিলে তাক সাহিত্যিকসকলে জানিছে। তেওঁৰ “প্ৰতিমা” আৰু “বীণ-বৰাগীৰ" চিনাকী নিদিলেও হব। তেৱেঁই “অসমীয়া” কাকতৰো জন্মদাতা আৰু পৃষ্ঠপোষক। তেওঁৰ চেষ্টাতেই ইমান দিন “বাঁহী” কাকতখন জীয়াই আছে।

 স্বদেশ হিতৈষী দাৰ্শনিক কবি শ্ৰদ্ধাস্পদ শ্ৰীযুক্ত কমলাকান্ত ভট্টাচাৰ্য ডাঙৰীয়াই লিখা "চিন্তানল", ‘চিন্তাতৰঙ্গ’ “কঃ পন্থা”, আদি কিতাপ আৰু সাময়িক কাকতত ওলোৱা বিবিধ প্ৰৱন্ধাৱলী আপোনাসকলে পঢ়িছে। তেওঁ কলিকতাত থাকোতে “অসম হিতৈষী” নামে এখন কাকতৰ সম্পাদক আছিল। তেওঁৰ বয়স এতিয়া চাৰি কুৰি বছৰৰ ওপৰ হব পায়। কিন্তু এতিয়াও তেওঁ লেখনী চলায়েই আছে। ইং ১৯২৮ চনত যোৰহাটত বহা সাহিত্য সন্মিলনৰ তেওঁ সভাপতি আছিল।