সমললৈ যাওক

পৃষ্ঠা:অসম সাহিত্য সভা ষষ্ঠদশ.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১৮ ]

তেওঁ তাত এক দৰবাৰ পাতিছিল। ইংৰাজ গভৰ্ণমেন্টে এই দেশ অধিকাৰ কৰি এই অঞ্চলৰ সদৰ ঠাই প্ৰথমতে বিশ্বনাথত পাতিছিল। কেইবছৰ মানৰ পাচত হে তেজপুৰ সদৰ ঠাই হয়। এয়ে তেজপুৰৰ অতি সংক্ষিপ্ত পুৰাবৃত্ত।

 অসমীয়া ভাষা আৰু সাহিত্যৰ উন্নতিৰ অৰ্থে বৰ্তমান যুগত তেজপুৰে-নো কি কৰিছে সেই সম্বন্ধে অলপ কোৱা উচিত বুলি ভাবিলোঁ। আশা কৰোঁ আপোনালোকে যেন শুনি আমনি নাপায়।

 ১৮৩৫ খৃষ্টাব্দত পোন প্ৰথমে অসমৰ গুৱাহাটী আৰু শিৱসাগৰ নগৰত ইংৰাজী স্কুল স্থাপিত হয়। এই মহকুমাৰ কলংপুৰ মৌজাৰ সূতাৰ গাঁৱৰ নিধিৰাম কেওঁট নামে এটি লৰা শিৱসাগৰত ইংৰাজী পঢ়িবলৈ গৈ সেই ঠাইৰ আমেৰিকান বেপটিষ্ট মিশ্যনৰ পাদুৰি চাহাবসকলৰ সংসৰ্গত পৰি তাতে খৃষ্টান ধৰ্ম্ম গ্ৰহণ কৰি নিধিলেভি ফাৰৱেল নাম লয়। ১৮৪৬ খৃষ্টাব্দত উক্ত মিশ্যনৰ চাহাব সকলে “অৰুনোদয়” নামে এখন মাহেকীয়া সচিত্ৰ কাকত উলিয়ায়। ফাৰৱেল সেই কাকতৰ এজন প্ৰধান লেখাৰু আছিল। ব্ৰনচন্ চাহাবক অসমীয়া ইংৰাজী অভিধান লিখাত তেওঁ সহায়তা কৰিছিল, আৰু তেওঁ নিজেও খৃষ্টান ধৰ্ম্ম সম্বন্ধে কেবাখনো সৰু সৰু কিতাপ লিখি প্ৰকাশ কৰিছিল।

 শ্ৰদ্ধাস্পদ লক্ষ্মীকান্ত বৰকাকতী ডাঙৰীয়াই ১৮৭৪ খৃষ্টাব্দত বিশ্বনাথৰ পৰা “আসাম দৰ্পণ” নামে এখন মাহেকীয়া কাকত উলিয়াইছিল।

 পৰম পূজনীয় ৺হৰিবিলাস আগৰৱালা বৰদেউতাই ১৮৮১ খৃষ্টাব্দত পোন প্ৰথমে “কীৰ্ত্তন” “দশম” “নামঘোষা” “ভক্তিৰত্নাৱলী” “গুণমালা” “ভট্টিমা” “বৰগীত” “সীতা সয়ম্বৰ নাটক” আৰু “গুৰুচৰিত্ৰ” পুথি সাঁচিপাতৰ পৰা নকল কৰাই কলিকতাত ছপাই প্ৰকাশ কৰে, “প্ৰয়োগ ৰত্নমালা ব্যাকৰণ” আৰু “ৰিপুঞ্জয় স্মৃতিও” পাছত ছপাই উলিয়ায়। পৰমহংস শিৱনাৰায়ণ স্বামীৰ “সাৰনিত্যক্ৰিয়া’’ পুথিখন তেওঁ নিজে অসমীয়া