পৃষ্ঠা:অসম সাহিত্য সভা ষষ্ঠদশ.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[ ১৭ ]

কৰিছিল বুলি প্ৰবাদ আছে। সেই পৰ্বতৰ দাতিত গোপেশ্বৰ নামে শিৱৰ দেৱালয় আছে। দেৱালয়ৰ মন্দিৰটি চটিয়া শিল আৰূ ইটাৰে ধুনীয়াকৈ সজা। তাত শিৱচতুৰ্দ্দশীত বছৰি উৎসৱ হয় আৰু মেলা বহে। “কালিকা পুৰাণত" আছে-“শৃঙ্গাটকং সমাৰোহ পূজয়েৎ লিঙ্গশঙ্কৰম্।”

 তেজপুৰৰ পৰা ১৪ মাইল উত্তৰ পূবে নন্দিকেশ্বৰ, তাৰ পূবে সৌভাগ্য-মাধৱ, তাৰ পূবে নাগশঙ্কৰ দেৱালয় আছে কলাঁবাৰীত বৰকালিকা বা কালী, গহপুৰত ধন্দি, কলংপুৰত কল্যাণী,বিশ্বনাথত বিশ্বেশ্বৰ,কমলেশ্বৰ, উমা, চণ্ডী, নৃসিংহ, বাণেশ্বৰ, মুক্তিনাথ, বাসুদেৱ, সূৰ্য্যমাধৱ গণেশ, কালভৈৰৱ, সিদ্ধেশ্বৰ, চণ্ডেশ্বৰ, অন্নপূৰ্ণা আদি দেৱালয় আছে।ইয়াৰ ভৈৰবী দেৱালয়ৰ ওচৰৰ বান্দৰদেৱ পৰ্ব্বতত হৰিহৰ নামে এজন ভূঞাই এটি শিৱমন্দিৰ প্ৰতিষ্ঠা কৰি বাৰভূঞা ৰাজ্য পুনঃ উদ্ধাৰ কৰিবৰ কাৰণে তপস্যা কৰিছিল। মোৱামৰীয়া বিদ্ৰোহত তেওঁ মোৱা-মৰীয়াৰ পক্ষে যুদ্ধ কৰি প্ৰাণ হেৰুৱায়।

 মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে এই জিলাৰ বৰগাং নৈৰ পাৰত গাংমৌ সত্ৰ স্থাপন কৰি তাত ছয়মাহমান বাস কৰিছিল। মহাপুৰুষ মাধৱদেৱৰ পিতৃ-পিতামহৰ ঘৰ গহপুৰ মৌজাত আছিল। দক্ষিণপাট সত্ৰ স্থাপন কৰা শ্ৰীশ্ৰীবনমালীদেৱে কলাবাৰীত জন্ম গ্ৰহণ কৰিছিল। তাত অসম ৰজাই কৰোৱা দৌল আৰু পুখুৰী আছে। এই মহকুমাৰ ভিতৰত ভালেমান সত্ৰ আছে আৰু ইয়াৰ প্ৰায়বিলাক নৈত আগেয়ে মানুহে সোণ কমাইছিল। “কালিকা পুৰাণত” এই নৈ বিলাকৰ মাহাত্ম্য লিখা আছে। দিকৰাই নৈৰ আগালিত লোণপুং থকা জনা যায়। ভোট, অকা আৰু দফলা থকা পৰ্বত বিলাকত কৃষ্ণসাৰ পহু, অগুৰু চন্দন আৰু নানাবিধ মূল্যবান গছ আছে। আহোম ৰাজ বংশৰ প্ৰদীপ মহাৰাজ ৰুদ্ৰসিংহ স্বৰ্গদেৱে বিশ্বনাথত বাহৰ কৰি কিছুদিন বাস কৰিছিল আৰু