পৃষ্ঠা:অসম-সন্ধ্যা.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 এই কাব্য-ৰচনাত আৰু এজন লোকৰ পৰা সু-পৰামৰ্শ লাভ কৰি বিশেষ উপকৃত হৈছিলোঁ। তেওঁ হৈছে মোৰ অগ্ৰজতুল্য নীৰৱ সাহিত্যিক আৰু সমালোচক শ্ৰীযুত বেণুধৰ দাস। তেখেতলৈকো মোৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ।

 সামৰণিত ইয়াকে কওঁ যে “অসম-সন্ধ্যা ৰাইজৰ হাতত দিয়াৰ লগে লগে মোৰ প্ৰতিশ্ৰুতি ৰক্ষা পৰিল; কিন্তু উদ্দেশ্যৰ সফলতা নিৰ্ভৰ কৰিছে ৰাইজৰ শুভ দৃষ্টি আৰু সহানুভূতিৰ ওপৰত। ইতি–

তেজপুৰ
১০ শাওণ, ১৮৭১ শক।
বিনীত
গ্ৰন্থকাৰ।