পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪১
স্বৰ্গদেৱ চুহুম্মুং বা স্বৰ্গনাৰায়ণ


ইবিলাকক একে ঠাইতে থলে আকৌ মূৰ জোকাৰি উঠিব পাৰে; সেই কাৰণে সিমানতে তেওঁ সেই আশংকাৰ বীজ মাৰি পেলালে। ইয়াৰ পাচত, স্বৰ্গদেৱে চুটিয়া ৰজাৰ পো- ভাইবিলাকক পাকৰিগুৰিত আৰু ভৈৰৰীৰ পূবে বিশ্বনাথৰ ওচৰত (১) আঁতৰাই পাতি, শদিয়াত তিনিটা হাতী আৰু তিনি হাজাৰ মানুহৰে সৈতে থাওমুং ফাচেনমুন বৰগোহাঞিক “শদিয়াখোৱা গোহাঞি” খিতাপেৰে ৰাজপ্ৰতিনিধি-বিষয়া পাতে। তেতিয়াৰপৰা সেই নামেৰে এজন শাসনকৰ্ত্তা শদিয়াত নিগাজীকৈ ৰখাৰ নিয়ম প্ৰচলিত হয়।
 ৩। মহজৰ লোণ পুং অধিকাৰ-চুটিয়া ৰজাৰ দেশ আক্ৰমণ কৰাৰ পাচত, নগাহঁতে খামজাং, বৰকলা, তাবলুং আদি ঠাইত সোমাই আকৌ বিদ্ৰোহ উপস্থিত কৰে। স্বৰ্গদেৱ চুহুম্মুঙ্গ এটা অভিযান পঠিয়াই সিহঁতক যুদ্ধত ঘটাই এইবাৰ মহঙ্গৰ লোণ-পুং দখল কৰিলে।
  ৪। খ্ৰী: ১৫২৪ চনত ছেগ বুজি বৰদেউনিয়াৰ গাৱঁত সোমাই নৰা ৰজাই ৰণ দিয়েহি। ৰণত নৰা-ৰজা ঘাটিলত বাংখামডেং নামেৰে নিজৰ ভনীয়েকক আহোম ৰজালৈ বিয়া দি তেওঁ স্বৰ্গদেৱৰে সৈতে মনোৰাদ মিট্-মাট্ কৰিলে।
 ৫। মুছলমানৰ ৫ম আক্ৰমণ বা কলিয়াবৰ ৰণ :-খ্ৰীঃ ১৫২৫ চনত ভাটীৰপৰা বৰউজিৰৰ আক্ৰমণ পৰেহি, তেওঁ ৰণত ঘাটি একুৰি বৰ-হিলৈ এৰি পলাল (২)। আকৌ, খ্ৰী: ১৫২৭ চনত পাঠান তুৰ্ব্বক অসমদেশ আক্ৰমণ কৰিবলৈ আহে। সেই সময়ত স্বৰ্গদেৱ চুহুমুঙ্গে আন আন যুদ্ধত লাগি থকাৰ কাৰণে, সেই ফালে বৰকৈ মন- কাণ দিব নোৱাৰাত, মুছলমানে সেই যাত্ৰাত নিৰ্ব্বিবাদে কলিয়াবৰলৈকে অসমদেশ জয় কৰি যায়হি। কলিয়াবৰত আহোম ৰজাৰ সেনাৰ লগত তেওঁলোকৰ এখন ৰণ লাগিছিল। সেই খেপত আহোম ৰজাৰ ফালৰ খুনলং খামপেঙ বুঢ়াগোহাঞি আৰু ফ্ৰাচেঙমুঙ বৰগোহাঞি (৩) প্ৰমুখ্যে ৮খন হেঙ্গদানে সৈতে ৮জন সেনাপতি ৰণত পৰিল। পিচে, ত্যাচাং বুঢ়াগোহাঞি আৰু কিলিঙখাম্ বৰগোহাঞি এই দুজনক নতুনকৈ সেনাপতি পাতি পুনৰ ৰণলৈ পঠোৱা হয় ইবিলাকে ৰজাৰ আদেশ অন্য়থা কৰি, গোপনে শত্ৰুপক্ষৰে সৈতে মিত্ৰতা কৰিব খোজাত, দুয়োকো ভাঙ্গি, লাঙিধুপুৰা বুঢ়াগোহাঞি আৰু তন্খাম বৰগোহাঞি এই দুজনক নতুনকৈ ভাঙ্গৰীয়া পতা হয়। সিফালে সেই ছেগতে তুৰ্ব্বক ৰণত জিকি নিজৰ দেশলৈ উলটিল।


  (১) সেই ঠাই এতিয়া বৰং জিলাৰ ভিতৰত। চুটিয়া জাতিৰ নামেৰেই এতিয়া তাৰ নাম ছুটিয়া বা চটিয়া হৈছে। -  (২) মিল-দেওধাই * ২১ পৃষ্ঠা।

 (৩) ফ্ৰাচেঙ্গমুঙ্গ গোহাঞি ৰণলৈ আহোঁতে গাভকত (ফ্ৰাচেঙ্গমুঙ্গ বৰগোহাঞি ডাঙৰীয়াৰ ভাৰ্য্য়া মূলা গাভৰু) কাপোৰ খুজিলে। গাভৰুএ বোলে দিন সামান্য় হৈছে, কাপোৰ দিব নোৱাৰোঁ। কাপোৰৰ লক্ষণ শুমা-মাজ- নিশা-ৰাতি কপাহ নেউঠিব, পাজি নি, তা না পান। এ নৌকাতে কাপোৰ ওলাই পোৰ আৰু নিয়মে বণলৈ। কে পায়ে, মালৈ যাওঁতে পিৰিলৈ নাপালে। গায়ে যত যাধিতে যা ব। ” -