পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
আহোম ৰজাৰ ৰাজত্ব

খুন্‌লুং আৰু খুন্‌লাই নামে দুজন ৰাজকোঁৱৰ দেশ জয় কৰিৰৰ অৰ্থে উত্তৰলৈ উজাই আহে। আহি আহি, বৰ্তমান অসমৰ উত্তৰ-পূবে, পাটকাই পৰ্ব্বতৰ সিপাৰে, মুংৰিমুংৰাম নামে প্ৰদেশত এখন ৰাজ্য পাতি তাতে দুয়ো বছৰচেৰেক ৰাজত্ব কৰি আছিল। পিচে, কিবা কাৰণত সিবিলাক দুজনৰ ভিতৰত আত্ম-কন্দল লাগি উঠিল। সেইবাবে, ককায়েক খুনলুঙে খং কৰি উত্তৰৰফালে আঁতৰি গৈ, খেহ দেশত (চীন) এখন সুকীয়াকৈ ৰাজ্য পাতিলে। তাৰ পাচত, খুনলায়ে ৭০ বছৰ মূৰিমুংৰামত ৰাজত্ব কৰে। তেওঁৰ লোকান্তৰৰ পাচত, তেওঁৰ ফৈদৰ ৰজাই ৪০ বছৰ ৰাজত্ব কৰি নিৰ্ব্বংশ হোৱাত, খেহ দেশৰপৰা খুনলুঙ্গৰ ফৈদৰ এজন কোঁৱৰ আনি মুংৰিমুংৰামত ৰজা পতা হয়। সেই কোঁৱৰৰ পাচত, তেওঁৰ বংশৰ ৪০ জন ৰজা হৈ যোৱাৰ পাচত, সেই ফৈদৰে সুপ্ৰখ্যাত চুকাফা কোঁৱৰ ৰাজপাটত উঠে।

 আদিতে টাই জাতি বৌদ্ধধৰ্ম্মী আছিল বুলি কোনোৱে অনুমান কৰে। ইবিলাকে ঈশ্বৰক “ফুৰা তাৰ আলং", অৰ্থাৎ জ্যোতিৰ্ময় পূৰ্ণব্ৰহ্ম বুলি মানিছিল। টাই জাতিৰ আচল ধৰ্ম্ম-পুথি “ফুৰালুং” আৰু “মমিমাঙ্গত” যি মূল-ধৰ্ম্ম-শিক্ষা দিয়া আছে, সেইমতে “অহিংসা পৰমোধৰ্ম্ম” এয়ে সিবিলাকৰ ধৰ্মৰ মূলমন্ত্ৰ। স্বৰূপত, সিবিলাক বৈষ্ণৱ ধৰমী মানুহ আছিল। কিন্তু, দেশ জয় কৰিবলৈ আহোঁতে, সৌমাৰৰ আদি-অধিবাসী জাতিবোৰ প্ৰথম প্ৰজাৰূপে সিবিলাকৰ লগৰীয়া হোৱাত, টাই জাতীয় আহমসকলৰ বাহ্যিক ধৰ্ম্মাচৰণত সংসৰ্গ-দোষৰ ভাঁজ লাগিছিল।

 টাই জাতীয় অহম ৰা আহম বা আহোমৰ সুৰীয়া ভাষা আৰু চহকী সাহিত্য আছিল। দেওধাই, মহন, বাইসুং এই তিনি খেলৰ মানুহে আহোম ভাষাত লিখা- পঢ়াৰ চৰ্চ্চা ৰাখিছিল। আহোম ৰাজ-ভাষাৰ, বুৰঞ্জীত বাজে, প্ৰায় সমুদায় পুথি পয়াৰ ছন্দত লিখা; আৰু পুথিখনেপতি পাঠৰ সুকীয়া সুৰ। আহম ভাষাত উৎকৃষ্ট প্ৰামাণিক গণনাৰ জ্যোতিষশাস্ত্ৰ আছিল; আগৰ দিনত সেইমতে হে টাই জাতীয় আহোমসকলে জ্যোতিষ্ গণনা কৰিছিল। শিৱসাগৰ জিলাৰ ভিতৰত অভয়পুৰ, শিলাকুটী, চৰাইদেও আদি ঠাইৰ দেওধাই, মহন আৰু বালুইং সকলে এতিয়াও সেই শাস্ত্ৰ ব্যৱহাৰত ৰাখিছে। আহোম ভাষাত সাধুকথাৰ পুথিও আছে, সেইবোৰ পয়াৰ ছন্দত লিখা। বুৰঞ্জী লিখাত আহোমসকল আহোম ৰজাৰ দিনত বৰ পৈণত আৰু পৃথিৱীৰ ভিতৰত এটা অগ্ৰগণ্য জাতি আছিল। “বুৰঞ্জী" শব্দৰ অৰ্থ

১০৪১ শঁকত শুভ সময়ত ৰাজ মহিষীৰ পুত্ৰ জাত ভৈল। ৰজাৰ পুত্ৰৰ জন্ম শুনি আনন্দ কৰি সুবৰ্ণৰে মলমা কৰা জখলা দি ভাৰ্য্যা পুত্ৰক নমাই আনিলে। পাচে আপোনাৰ নামে দেৱদুৰ্গ কৰি পুত্ৰ নাম থলে চাক্যাচ্ক্যা। স্বপ্নত ইন্দ্ৰ আদেশে নাম দিলে স্বৰ্গনাৰায়ণ। পাচে অনুক্ৰমে সেই বালকে গুণৱন্ত, বলৱন্ত, তেজস্বী হুয়া যুৱৰাজ হয়। নীতিধৰ্ম্মে প্ৰজা পালিলে। পাচে বাপেক চেংতান ৰজা মৰিলত, স্বৰ্গনাৰায়ণ স্বতন্ত্ৰ ৰজা হ’ল ১০৫৯ শঁকত। স্বৰ্গনাৰায়ণৰ বেটা পাণিপুঙ ৰজা হ’ল ১০৯৮ শঁকত। স্বৰ্গনাৰায়ণৰ ভোগৰ বছৰ ৩৯। পাণিপুঙৰ দুই পুত্ৰ হ’ল। চিউক্ৰণফা বড়; চিউকফা সৰু। পিচে পাণিপুঙ মৰিলত চিউক্ৰণফা ৰজা হ’ল ১১৪৪ শঁকত। এক বৎসৰ পাচত চিউকফা বড় ভাইৰপৰা অসন্তোষ পাই ককায়েকক প্ৰণাম কৰি, সি ৰাজ্যত নাথাকো বুলি নামি আহিল। "