সমললৈ যাওক

পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তৃতীয় খণ্ড
আধ্যা-১
আহোম ৰজাৰ ৰাজত্ব

 টাই জাতি ব্ৰহ্মদেশৰ অন্তৰ্গত ইৰাৱতী উপত্যকা প্ৰদেশৰ মানুহ। আজিকালি সিবিলাকক অহম বা আহম কিম্বা আহোম নামে জনা যায়। হিন্দু ৰাজবংশ উৎপত্তিৰ বিধান মতে, সিবিলাক ইন্দ্ৰবংশ বুলি পৰিচিত; সেই কাৰণে, আহম জাতীয় ৰজাসকলক 'স্বৰ্গদেৱ'★ বোলা হয়। খ্ৰীষ্টাব্দৰ দশম শতিকাত এই জাতিৰ

 ★ পুৰণি আহম-বুৰঞ্জী মতে আহম স্বৰ্গদেৱৰ উৎপত্তি। পূৰ্বে বশিষ্ঠ মুনিএ এই দিখৌ নদীৰ আগাৰিত এক বাৰাণসীতুল্য পবিত্ৰ ক্ষেত্ৰ নিৰ্মাণ কৰিবৰ ইচ্ছা কৰিলে। নদীকো বশিষ্ঠ-গঙ্গা নাম দিবলৈ ইচ্ছা কৰিলে। নৈৰ উজনি দেশত জলৰ সমীপতে দুই ক্ৰোশ পৰিমাণ স্থলত এক হাজাৰ শালগ্ৰাম পুতিলে, মধ্যতে লক্ষ্মী-নাৰায়ণ শালগ্ৰাম পুতিলে। চৌপাশে কুশ, তুলসী, আমলখী, অশ্বথ ৰুলে। এই প্ৰকাৰ কৰি পূৰশ্বৰণ কৰিবলৈ আৰম্ভিলে। পাচে ইন্দ্ৰ দেৱতাএ বিস্তৰ লোক তৰি স্বৰ্গলৈ যাব হেন জানি মেঘক আ়জ্ঞা কৰিলে। বৃষ্টি কৰাই নদীকো বঢ়াই বশিষ্ঠকো স্থানকো বুড়াই পূজাৰ সামগ্ৰীকো উটাই নিলে। পাচে বশিষ্ঠ কোপ কৰি ধ্যান কৰি ইন্দ্ৰৰ অকাৰ্য্যক দেখি শাপ দিলে, বোলে, তোৰ ম্লেছ যোনিত জন্ম হৌক, যাতো দেৱতা হুই ম্লেছৰ কৰ্ম্মক আচৰিলি। নদীকো শাপিলে, বোলে তোৰ তীৰত ম্লেছ লোকে নিবাস কৰিব। তঞি মলমূত্ৰবাহিনী হৈবি, তোৰ তীৰত যি মৰে মাণ ছড়িহ সিও প্ৰেত হৈব। পাচে লক্ষী-নাৰায়ণ শালগ্ৰম যি পুতিছিল তেওঁক তুলি আনি বুলিলে, তোক ম্লেছ ৰাজাগণে গো-মাংসেৰে শুকৰৰ মাংসেৰে পূজিব। পাচে এই শাপক শুনি ইন্দ্ৰেও নদীএও বিস্তৰ স্তুতি কৰি বশিষ্ঠৰ চৰণত পৰি শাপৰ সীমাক প্ৰাৰ্থনা কৰিলে। পাচে মুনি তুষ্ঠ হুয়া ইন্দ্ৰক বুলিলে, তই ম্লেছ জাতিৰ নাৰীত বীৰ্য্যধান কৰি পূৰ্ব্বমতে স্বৰ্গত থাকিবি, কিন্তু পুত্ৰৰূপে ম্লেছ শৰীৰক ধৰিবি। নদীক বুলিলে কলিযুগৰ দশ হাজাৰ বৎসৰ গৈলে তোৰ শাপ গুচিব। এই বুলি বশিষ্ঠ অসন্তোষ কৰি ক্ষেত্ৰ নাপাতি কামৰূপৰ ভণ্ডৰূৱা নদীৰ তীৰত পৰ্ব্বতৰ মধ্যত আশ্ৰম কৰি থাকিল।

 “অনন্তৰে ইন্দ্ৰ দেৱতাএ শ্যামা নামক বিদ্যাধৰীক আদেশ কৰিলে, বোলে, হে শ্যামা, বশিষ্ঠ মুনিয়ে মোক ম্লেছ শৰীৰ ধৰিবলৈ শাপিছে। তঞি পৰ্ব্বতত চেংতাম্ নামে মৰা ৰজাৰ ভাৰ্য্যা হই থাকগৈ। মই তোৰ উদৰত গৰ্ভধান কৰি পূনৰ্ব্বাৰ স্বৰ্গক আহিম; পুত্ৰৰূপে মই ম্লেছৰ ৰজা উই ৰাজ্যক প্ৰতিপালন কৰিম। পাচে শ্যামা বিদ্যাধৰীয়ে ইন্দ্ৰৰ এই আ়জ্ঞাক পাই চেংতাম নৰা ৰজাৰ ঘৰত পৰম সুন্দৰী পদ্মিনী ভাৰ্য্যা হই থাকিল। তেঞোৰ নাম হ’ল মাংকুক্ থানচেন্। মাকৰ নাম কুংড়েমানকা। বাপেক ৰাজমন্ত্ৰীৰ নাম চাংড়াম। পাচে, ১০৪০ শকত শুভ সময়ত ইন্দ্ৰে আসি স্বামীৰ বেশ ধৰি চেংতান নৰা ৰজা পশু মাৰিবলৈ গ’লত, ভাৰ্য্যাত বীৰ্য্যধান কৰি নিশা স্বপ্ন দেখালে, বোলে, মঞি ইন্দ্ৰ দেৱতাএ তোত বীৰ্যধান কৰিছোঁ, ই যি পুত্ৰ হ’ব তাক মোৰ কলা অৱতাৰ জানিবি। ই প্ৰতাপী ৰজা হৈব। ইহাৰ নাম স্বৰ্গনাৰায়ণ হৈব। আজি ধৰি পুত্ৰ নহই মানে তঞি স্বামী সঙ্গলৈ নাযাবি, সাৱধানে থাকিবি। তোক উসৃত থানত নিলগাই ৰহস্যে থব। পাচে পুত্ৰ জন্ম হৈলে মঙ্গল কৰি সুবৰ্ণৰে মলমা কৰা জখলাৰে তোক পুত্ৰৰ সহিতে নমাই আনিব। এই বুলি ইন্দ্ৰ গৈল।

 “পাচে সেই কন্যাএ সেই সম্ভোগৰ স্বপ্নৰো কথা নড়া ৰজাত কহিলে। ৰজা শুনি মীনাচল পৰ্ব্বতৰ ওপৰত উসৃত চাংঘৰ সাজি ৰোজ-ৰাজ দি দাসী দি সাৱধানে গৰ্ভৱতী ভাৰ্য্যাক থলে নি।