সমললৈ যাওক

পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৩
স্বৰ্গদেৱ চুহিত্ পঙফা বা গৌৰীনাথসিংহ


বৰ বিষম আছিল। তথাপি, তেওঁ লৰালৰিকৈ মানৰ লগত ৰণ দিবলৈ এজাক ৰণুৱা যুগুতকৈ পঠিয়ালে। প্ৰথমতে ঘিলাধাৰীত এখন যুদ্ধ হয়, মান-আহোমৰ সেই যুদ্ধত ৰাজকীয় সেনা ঘাটিল। সেই ছেগতে মানহঁত নগৰ সোমালহি। সেই বাতৰি পাই মহামন্ত্ৰী বুঢ়াগোহাঞি ডাঙ্গৰীয়াই মহা চিন্তিত হৈ, আকৌ নৰীয়া-গাৰেই ভাল ভাল সৈন্য বাছি যুদ্ধলৈ পঠিয়াবৰ নিমিত্তে আয়োজন কৰিছিল; কিন্তু,ঈশ্বৰৰ ইচ্ছা, অসমৰ অধঃপতন অনিবাৰ্য্য,—পূৰ্ব্বৰ নৰিয়া টান হোৱাত(১), আহোম ৰাজ্যৰ ঘাই ধৰণী মহামতি পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীয়াই এনে সঙ্কটৰ সময়ত হোজা অসমীয়া প্ৰজাক বাঘৰ মুখত পোৱালি এৰাৰ দৰে এৰি, ইহ সংসাৰৰপৰা বিদায় ললে। ৰজা, প্ৰজা সকলোৰে ডাঙ্গৰীয়াৰ বলবুদ্ধিৰ ওপৰত অটল বিশ্বাস আছিল। গতিকে,ডাঙ্গৰীয়াৰ অকালমৃত্যুত সকলো নিৰাশ হ’ল, সকলোৰে মন ভাগিল! মানহঁতে যিমান আগুৱাবলৈ ধৰিলে, সিমান নায়ক-নোহোৱা সেনাৰ দল ভগাৰ দৰে অসমীয়া প্ৰজা ছিটিকি পলাবলৈ ধৰিলে। মহামন্ত্ৰী পূৰ্ণানন্দ কুঁৱৈগঞা বুঢ়াগোহাঞি ডাঙ্গৰীয়াৰ পৰলোক হোৱাত, তেওঁৰ পুতেক ৰুচিনাথ গোহাঞিদেৱক বুঢ়াগোহাঞি ডাঙ্গৰীয়া পাতি আগ কৰি দিয়া হৈছিল; কিন্তু কেঁচা তেজৰ সোৱাদ পোৱা বাঘৰ নিচিনা মানহঁতৰ বিক্ৰমৰ আগত নতুন ৰাজমন্ত্ৰী ৰুচিনাথ বুঢ়াগোহাঞি ডাঙ্গৰীয়াৰ সকলো চেষ্টা ‘লুইতত বালিভেটা'ৰ নিচিনা হল! শেহত, ৰুচিনাথ বুঢ়াগোহাঞি ডাঙ্গৰীয়াই আন উপায় নাপাই, ৰজাক গুৱাহাটীলৈ ভটিয়াই পলাবলৈ পৰামৰ্শ দিয়ে। স্বৰ্গদেৱ পলাবলৈ অসম্মত হোৱাত, তেওঁৰ ওপৰতো সন্দেহ মানি, ৰুচিনাথ ডাঙ্গৰীয়াই নিজেই সপৰিয়ালে গুৱাহাটীলৈ ভটিয়াই গলগৈ। এনে ছেগত পাই, বদনচন্দ্ৰই নগৰ সম্পূৰ্ণৰূপে হাত কৰি ললে; আৰু পূৰ্ব্বশত্ৰু পূৰ্ণানন্দ বুঢ়াগোহাঞি ভাঙ্গৰীয়াক নাপাই, তেওঁৰ বংশ পৰিয়ালৰ আন-আন মানুহক নানা তৰহৰ অত্যাচাৰ কৰিবলৈ ধৰিলে। ইফালে ধনলোভী মানহঁতৰ পাশৱিক অত্যাচাৰ-উৎপাতত দেশত হাহাকাৰ লাগি উঠিল। সদৌশেহত, স্বৰ্গদেৱৰ সন্ধি প্ৰস্তাৱতবমান্তি হৈ, বদনচন্দ্ৰই তেওঁক অভয় দান দি, নিজে ‘মন্ত্ৰীফুকন' হৈ ৰাজ্য শাসন কৰিবলৈ স্থিৰ কৰিলে। তাৰ পাচত, তুংখুদীয়া ফৈদৰ বগা কোঁৱৰৰ আইদেউ এগৰাকীক, ৰজাৰ নিজৰ জীয়েক বুলি, সালঙ্কৃতাকৈ ব্ৰহ্মা-ৰজাৰ লগত বিয়া দিয়া হয়। ভেঁটী পঠিয়াই, আৰু বহুত ধন বস্তু দি, মানহঁতক বিদায় দিয়া হয়। এয়ে উজনি অসমত মানৰ প্ৰথম আক্ৰমণ, আৰু এই আপাহতে বদনচন্দ্ৰক “মান-অনা-বৰফুকন” বুলি গৰিহণা দিয়া হয়।

 মহামন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীয়া:— এওঁ আহোমৰ এজন মহামন্ত্ৰী পুৰুষ আছিল। মহামতি পূৰ্ণানন্দ বুঢ়াগোহাঞিৰ তুল্য অসাধাৰণ ৰাজনীতিজ্ঞ পুৰুষ সেই সময়ত ভাৰতবৰ্ষত দ্বিতীয় নাছিল বুলিলে বঢ়াই কোৱা নহ’ব। আন কি, ইংৰাজ ৰাজনীতিজ্ঞ পুৰুষেও তেওঁৰ বিচক্ষণ বুদ্ধি আৰু ৰাজনীতিজ্ঞানৰ অশেষ গুণবাদভকৰিছিল। বুঢ়াগোহাঞি পূৰ্ণানন্দ মহামন্ত্ৰীৰ মূৰেদি ভয়ঙ্কৰ বিদ্ৰোহ-ধুমুহা পাৰ হয়। কিন্তু তেওঁ জীৱনৰ তেনেকুৱা অশেষ অপায়-বিঘিনি খণ্ডাই, কি যে অতুলনীয় অসাধাৰণ


(১) কোনো-কোনোৰ মতে, নিজৰ হাতৰ আঙ্গুলি হীৰা পতা আঙ্গঠি চেলেকি বুঢ়াগোহাঞি ডাঙ্গৰীয়া আত্মঘাতী হয়।