১• অসমৰ মূখী মনৰ ১ম আ ল -কুকুৰাচোৱা ভূতৰ পুতেকৰ খবৰ যেতিয়া গুৱাহাটী পালেগৈ, তেতিয়া তাৰ আদিৰেপৰা অন্তলৈকে সকলো বৃত্তান্ত নি, বদনচন্দ্ৰ বৰফুকন মনে মনে নানা আশফাত বিহুৰ হবলৈ ধৰিলে। সেই সময়ত বৰফুকনে গুৱাহাটীয়া এবিলাকক বৰ উপদ্ৰৱ কৰিছিল। সেই বিষয়ে মহামন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঞি ভাঙ্গৰীয়ালৈ কেইবাবাৰে গুৱাহাটীৰ বাতৰি গৈছিল। কিন্তু, ডাঙ্গৰীয়া শতৰামৰ বিদ্ৰোহত বৰকৈ লাগি থকাত, আৰু বৰফুকন সেই বিদ্ৰোহত মোগ থকাটো জানি, তেওঁ সেইফালে বৰকৈ মন দিব নোৱাৰিছিল। পিছে, ইফালৰপৰা আজৰি পাই, মহামন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঞি ভাষৰীয়াই বদনচন্দ্ৰ বৰফুকনক ধৰি আনিবৰ কাৰণে মহেশ্বৰ পৰ্বতীয়া ফুকনক গুৱাহাটীলৈ পঠিয়ালে। কিন্তু ইতিমধ্যত বুঢ়াগোহাঞি ডাক্ষৰীয়াৰ বোৱাৰীয়েক, বৰফুকনৰীয়েক, পিজৌ গাভৰুৱে সেই কথাৰ সতে পাই তলে তলে বৰফুকন দেউতাকলৈ আদ্যোপান্ত কথা ভাজি লিখাই পঠিয়ালে (১)। জীয়েকৰপৰা আগন্তুক বিপদৰ বাতৰি পাই বদনচত্ৰ আগধৰি সতৰ্ক হৈ আছিল। মহেশ্বৰ ফুকন যি দিনা গুৱাহাটীত উপস্থিত হয়গৈ, তাৰ আগ-ৰাতিয়েই, জন্মি আৰু পিয়লি নামেৰে পুতেক দুজনক লৈ, বদনচন্দ্ৰ দেশৰ ফালে ভটিয়াই পলাই গ'ল। সেই বাতৰি পাই মহামন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঞি আৰীয়াই ঘনশ্যামক গুৱাহাটীত বৰফুকন পাতি বদনক সপুত্ৰে ধৰি আনিবলৈ আদেশ দিলে। ঘনশ্যাম বৰফুকনৰ মানুহে কোবাকুবিকৈ বিচাৰি গৈ বদনচক চিলমাৰিত পাইছিল; কিন্তু সেই দেশত আহোম ৰজাৰ অধিকাৰ নথকাত, তাৰপৰা তেওঁক ধৰি আনিৰ পৰা নহ'ল। তাৰ পাচত, বদনচন্দ্ৰই কলিকতালৈ গৈ, গৱৰ্ণৰ জেনেৰেল লৰ্ড মেয়োৰ ওচৰত বিপদৰ বিবৃতি বহলাই কৈ সহায় ভিক্ষা কৰে। পিচে, সেই সময়ত বৃটিচ গৱৰ্ণমেণ্টৰ অন্তৰ ৰাজ্য সম্পৰ্কীয় কাৰ্যত হস্তক্ষেপ নকৰা নীতি” (Non-intervention Policy) আছিল। সেই কাৰণে, গৱৰ্ণৰ জেনেৰেলে বদনচন্দ্ৰৰ প্ৰাৰ্থনা লিয়াই পেলালে। কিন্তু, ঠিক সেই সময়তে কলিকতালৈ ব্ৰহ্মদেশৰ এজেন্ট বা কটকী এজন আহিছিল; বদনচত্ৰই সেই এজেন্টজনৰ কাষ চাপি, তেওঁৰ আগত তিলকে তাল কৰি অসম দেশৰ দুৰবস্থাৰ কথা জনোৱাত, তেওঁ বদনচন্দ্ৰক সহায় কৰিবলৈ প্ৰতিশ্ৰুতি দিয়ে, আৰু সৈন্য-সামন্ত যুগুত কৰি দিয়াৰৰ নিমিত্তে তেওঁক লগতে ব্ৰদ্ধাদেশলৈ লৈ যায় (২)। তেওঁৰ সাহায্যত বানচত্ৰৰ আশং-লতাত ফুল মেন্সিল; ব্ৰহ্মাৰজাই ৬•••মান সেনা দি, তেওঁক সহায় কৰিলে। সেই সেনা-বল আগ্ৰহেৰে লগত লৈ, বানচন্দ্ৰই, ১৮১৬ চনত, মুংকুং, হুকু আৰু মণিপুৰেদি যুদ্ধযাত্ৰা কৰি অসমৰ নামৰূপত সোমায়হি। ইয়াতে আৰু হাজাৰচেৰেক বাৰেৰীয় সেনা গোটাই লৈ, ৰনচত্ৰ অসমৰজাৰ নগৰৰ ফালে আগ বাঢ়িল। মহামতি পূৰ্ণাঙ্গ বুঢ়াগোহাঞি ডাক্ষৰীয়াৰ সেই সময়ত শাৰীৰিক অৱস্থা (১) পিজৌ গাভৰু সেই বাতৰি তেওঁ আৰী ৰেনাথ চোয়াল ফুকনৰ ভুৱাই লিখায়; ওযেবানাৰ পূৰ্ণানন্দ বুঢ়াগোহাঞিৰীয়া মাটিতে। (২) মাৰ জোৱাৰ আৰোম ৰী এগৰাকী ৰচক মানৰ লগত সাক্ষাৎ কই পি, তেওঁৰ সৈয়দা সায় লোৱ কাৰ্যত সহায় কৰিছিল। সৰুতে এই বী নামঘৰৰ কাৰী আলি, চাগা পাই ভেতৰ মাল লি ফিলি। বীৰ কথা পেলাব নোৱাৰিমোনাই লৈ দিয়ে।
পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১১৮
অৱয়ব