পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

t স্বৰ্গদেৱ চুহিতপা বা গৌৰীনাখসিংহ ডাৰীয়াই দিচৈৰপৰা কলিনীলৈকে নতুনকৈ এখন নৈ খনালে। সেই নৈ খনাত অধিকাৰবিলাকে খেলে খেলে ৰাইজক চাউল-পিঠা খুৱাইছিল; তাৰ লগতে স্বৰ্গদেৱ, ডাঙ্গৰীয়া আৰু বৰবৰুৱায়ো ৰাইজক জলপান দিছিল। সেই আপাহতে সেই নৈৰ নাম ‘ভোগহৈ 'ল। (১) কমলেশ্বৰসিংহ স্বৰ্গদেৱৰ দিনৰ বিষয়া আৰু পাত্ৰ-মন্ত্ৰী-স্বৰ্গদেৱ গৌৰীনাথসিংহৰ দিনৰপৰাই দেশৰ বিবিধ বিদ্ৰোহ সংসৰ্গত আহোম ৰজাৰ ডা-ভাঙ্গৰীয়া, ফা-ফুকন, বকৰা ৰাজখোৱা, কটকী, কাকতী, দলৈ আদি বিষয় ভালেমান ভঙ্গা-পত। হৈ, সিবিলাকৰ ঠাইত কমলেশ্বৰসিংহ স্বৰ্গদেৱৰ ৰাজত্বৰ শেহছোৱাত এই সকল বিষয় আৰু পাৰ-মন্ত্ৰী বিষয়-বাবত ৰৈছিল : কুৱৈগঞা ৰামন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঞি ভাঙ্গৰীয়া; ভায়েক দোলাঘৰীয়া বৰুৱা, নিচাৱেকৰ পুতেক ৰাজনেওগ ফুকন; পুথাও বেলেগতীয়া পানীফুকন; বচা ৰাজখোৱা; নামভঙ্গীয়া ৰাজখোৱা; মৌ গোহাঞিৰ কাপ্তান গোহাঞি; দিলিহিয়াল ভিতৰুৱাল ফুকন; জবকিয়াল চেটিয়া-পাতৰ বৰুৱা , ঘৰফলীয়া বৰুৱা; লংকেকীয়া ৰংপুৰীয়া স্যায়সোধা ফুকন; কুঁৱৈগঞা ডেকাফুকন , কেন্দুগুৰীয়া বৰপাত্ৰ ডাঙ্গৰীয়া; মৰাণৰ বুঢ়াগোহাঞি ফৈদীয়া নাওবৈচা ফুকন; মাদুৰিয়াল লাল গোহাঞিৰ ভতিজাক বৰগোহাঞি ডাঙ্গৰীয়া; দৈনীয়া চেতিয়াপাতৰ বৰুৱা; বাৰুকীয়া সাল গোহাঞি; দুৱৰাৰ বৰবৰুৱা; হাহচৰীয়া দিহিঙ্গীয়া ৰাজখোৱা; দেৱাবজীয়া ৰাজখোৱা; সন্দিকৈৰ এদাবৰীয়া বাহৰ বৰফুকন; বেতিয়নীয়া বাহৰ ন্যায়সোধা ফুকন; উপৰ দৈয়ঙ্গীয়া ৰাজখোৱা; নাচুকীয়া বাহৰ দুলীয়া বৰুৱা; ঘিলাধৰীয়া ৰাজখোৱা; ৰাইডঙ্গীয়া ফুকন; দিহিঙ্গীয়াৰ ন-কন; পানীদিহিঙ্গীয় ৰাজখোৱা; লাহনৰ ঢেকীয়াল ফুকন; শলগুৰীয়া ৰাজখোৱা; চেটিয়া ফুকন; মিৰি সন্দিকৈৰ দিহিঙ্গীয়া ফুকন; কুকুৰাচোৱা ঘৰৰ নিবুকিয়াল ৰাজখোৱা; বুঢ়াগোহাঞি- পৰীয়া ডেকাফুকন; গন্ধীয়া বৰুৱা; লানমাখৰ খাৰঘৰীয়া ফুকন; শেনচোৱা বৰুৱা; পানী অভয়পুৰীয়া ৰাজখোৱা; টিপমীয়া ফুকন খেলৰ চেটিয়া-পাতৰ; গুৱাহনীয়া দিহিঙ্গীয়া ফুকন; চিৰিৰ চোলাধৰা ফুকন; চিৰিং ফুকন; নাওশলীয়া ফুকন; ঘোৰা বৰুৱা; বকতিয়ালৰ শলগুৰীয়া ৰাজখোৱা; কাঠকটীয়া বৰুৱা; পাতৰৰ বৰফুকনৰ সৰু অভয়পুৰীয়া ৰাজখোৱা; মৰাণৰ গোহাঞিবৰুৱাৰ ঘৰৰ টিপমীয়া ৰাজখোৱা; কামনৰ দোলাষৰীয়া বৰুৱা; চাওৰ চাওবৰুৱা; সোনোৱাল কছাৰীৰ ৰাইভঙ্গীয়া বৰুৱা; ভায়েক মাজিউমেলীয়া বৰুৱা; ব্ৰাহ্মণ কাকতীয়াৰ ঘৰৰ তামুলী ফুকন; তায়েক সালমাৰী ফুকন; পুতেক মলীয়া বৰুৱা; ভতিজাক খঙ্গীয়া ফুকন; অতি পৰ্বতীয়া ফুকন; শূলপাণিৰ পুতেক বৰ-ভণ্ডাৰী বৰুৱা; দলৈ নাতিয়েক ভাৰীৰ ব্ৰাহ্মণ; দেৱৰগঞা খীয়া বৰুৱা; বেজ গাভ-মেলৰ বৰুৱা; সেৰ ঘৰৰ পুৰণি-মেলীয়া বৰুৱা; কলীৰে মেলৰ বৰুৱা; পাখীমৰীয়াৰ গহপুৰীয়া ৰাজখোৱা; চু দিখৌমুখীয়া ৰাজখোৱা; গায়নৰ ন-মেলীয়া বৰুৱা, বৰাহীৰ খনিকৰ ৰ; চেটিয়াৰ (লিংগীয় , ১১, ১০, ১৫০ পৃ।