পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অসমত চীন পৰ্য্যটক।

 প্ৰায় ১৩০০ বছৰ আগেয়ে ভাৰতবৰ্ষলৈ চীন দেশৰ পৰা দুজন পৰ্য্যটক বা ভ্ৰমণকাৰী আহিছিল। ভাৰতবৰ্ষ বৌদ্ধ ধৰ্ম্মৰ প্ৰতিস্থাপক বুদ্ধদেৱৰ জন্মস্থান। চীন দেশৰ মানুহ বিলাক বৌদ্ধ ধৰ্ম্মাবলম্বী। চীন দেশৰ পৰা ভাৰতবৰ্ষলৈ হিউয়েনচাং আৰু ফাহিয়ান নামেৰে দুজন চীন পৰিব্ৰাজক আহিছিল। ফাহিয়ানতকৈ হিউয়েনচাং বহু বিষয়ত পাৰ্গত লোক আছিল। হিউয়েনচাঙে উত্তৰ ভাৰতবৰ্ষতে ভ্ৰমণ কৰি বৌদ্ধ ধৰ্ম্মৰ কীৰ্ত্তি চাই ফুৰিছিল আৰু ইয়াত কেইবা বছৰো থাকি ভাৰতবৰ্ষৰ ধৰ্ম্ম নীতি সম্বন্ধে শিক্ষা কৰিছিল। হিউযেনচাঙে ৬০৩ খৃষ্টাব্দত জন্ম গ্ৰহণ কৰে। তেওঁ এজন বৌদ্ধ শ্ৰমণ আছিল। ৬২৯ খৃষ্টাব্দ ২৬ বছৰত বয়সত তেওঁ লৈ যাত্ৰা কৰিছিল। সেই সময়ত ভাৰতবৰ্ষ শিলাদিত্য বা হৰ্ষবৰ্দ্ধন নামেৰে ভাৰত সম্ৰাটে কান্যকুব্জত ৰাজধানী পাতি ৰাজ্য চলাইছিল। হৰ্ষবৰ্দ্ধনে হিউয়েনচাঙৰ ভাৰত ভ্ৰমণত নানা প্ৰকাৰে সহায় কৰিছিল। এইজন চীন পৰ্য্যটকে ভাৰতবৰ্ষত ১৫ বছৰ কাল বাস কৰিছিল।

 অসম দেশৰ পুৰণি নাম কামৰূপ আছিল। ইয়াৰ সীমা তেতিয়া পুবে দিকৰাই নদী আৰু পশ্চিমে কৰতোৱালৈকে বিস্তৃত আছিল। এই ৰাজ্যৰ ৰাজধানীৰ নাম আছিল প্ৰাগ্-