পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মৌ-মাখি।

 ই এটা স্বভাৱৰ আচৰিত সৃষ্টি। মৌ-মাখিৰ জিভা তাৰ অতি লাগতিয়াল অঙ্গ। তাৰ দ্বাৰা সি ফুলৰপৰা মৌ উলিয়ায়। সেই জিভা আন মাখিৰ জিভাৰ দৰে ফোপোলা বা চুঙ্গাৰ নিচিনা নহয়, সি গোটা; এতেকে মৌ-গুটিয়ে মৌ চুহি নুলিয়ায়, কিন্তু চেলেকি চুঁচি নিয়ে। তাৰো দাঁত আছে, তাৰ দ্বাৰা সি ফুলৰপৰা মম গোটাই তাৰ পাচ-ঠেঙ্গৰ তপিনাত থকা খোৰোঙ্গত সুমাই থয়। পাচে তাৰ শক্তিৰ জোখায় মৌ আৰু মম গোট খালে সি বাঁহলৈ উলটি যায়; মৌ-গুটিৰ পেটটো ছটা আঙ্গঠি বা চক্ৰেৰে নিৰ্ম্মিত; সি সেই আঙ্গঠি- বিলাকৰ এটাৰ তলত আনটো সুমাই গাটো চুটি কৰিব পাৰে। তাৰ পেটৰ ভিতৰত নাড়ী ভুৰুত বাজে মৌৰ জোলোঙ্গা, বিষৰ জোলোঙ্গা আৰু শুং থাকে। মৌৰ জোলোঙ্গাটো ফটিকৰ দৰে ফটফটীয়া তাতে মৌ-গুটিয়ে ফুলৰপৰা অনা মৌ থয়। তাৰ কিছুমান সি ৰহঘৰাত ঢালি দিয়ে, অবশিষ্ট ভাগ তাৰ আহাৰ হয়। বিষৰ জোলোঙ্গাত বিষ থাকে। মৌ-গুটিৰ শুং দুডাল, সিহঁত এটা জোঙ্গামুখযুক্ত ফাঁকৰ ভিতৰত থাকে। দুয়োট শুঙ্গৰ মুখ বৰশীৰ শুঙ্গৰ দৰে চোকা আৰু ওভোতা। ফাঁকৰ আগটোৱে প্ৰথমতে ফুটা কৰে, সেই ফুটাত শুং দুটা সোমায়, তাৰ পাচত মৌ-গুটীয়ে বিষৰ জোল ঢালি দিয়ে। এই