পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
সাহিত্য-সম্পদ।

আফিঙৰ দাম ৬৲ টকা হল, মাখনৰ দাম সেৰত ১৪৲টকা হল। চাউল বুলিবলৈও মঠা চাউলহে পোৱা হল। এনেকৈ মুছলমান সৈন্যই চাৰিউফালৰ পৰা দুখ দুৰ্গতি ভোগ কৰি শেহত আহোম স্বৰ্গদেৱে সৈতে মিত্ৰতা কৰিবলৈ বাধ্য হল।১৬৬৩ খৃষ্টাব্দত তলত দিয়া চুক্তিমতে মুছলানৰ লগত সন্ধি স্থাপন হল।

 ১০০ বন্দি, ১০০ বেটী ৩০ হাতী ২০ হাজাৰ সোণ তাৰ ৬ গুণ ৰূপ, ৬ জন বিষয়াৰ লৰা এই বিলাক যৌতুক দি ৰমণী গাভৰুক সালঙ্কৃতা কৰি বিয়া দিবলৈ আৰু বছৰি ২০ হাতী আৰু পেচকচৰ বাবে ৩ লাখ টকা আৰু ১০ টা হাতী চৈ সোধাবলৈ ৰজাই গাত ললে।

 মিৰজুমলাই এই দৰে সন্ধি স্থাপন কৰি বঙ্গদেশলৈ সসৈন্যে উলটি আহিল। আহোঁতে বাটত তেওঁৰ বহুত মানুহ হানি হল। তেওঁৰো বৰ টান নৰীয়া হল। এই নৰীয়াতে ঢাকা নগৰ নৌপাওঁতেই নাৱতে মিৰজুমলাৰ মৃত্যু হল।অসম দেশ মিৰজুমলাই আক্ৰমণ কৰাৰ লগে লগে আমাৰ দেশৰ বহুত ভিতৰুৱা অৱস্থাৰ কথা আমি গম ধৰিব পাৰো। আহোম বিলাকে কেনেকৈ দূৰ্গ পাতি শত্ৰুক বাধা দিবলৈ যত্ন কৰিছিল, আৰু কেনেকৈ আহোম সৈন্যই পানীয়ে বামে যুজ কৰিছিল তাক আমি জানিব পাৰো। বিদেশী লিখকে লিখি থোৱা গড়গাওঁ ৰাজধানীৰ বিবৰণৰ সম্ভেদ পাওঁ। লগতে ইয়াকো জানো যে অসম দেশত ইটা চুণ চুৰ্কিৰে সৰ্ব্বসাধাৰণৰ ঘৰ দুৱাৰ সজোৱা নহৈছিল। কাৰণ এই দেশত সঘনে ভূমিকম্প