পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
অসমত মিৰজুমলাৰ আক্রমণ।

সম্মতি জনালে। কাজলি মূখৰ দূৰ্গত যদিও আহোমৰ লগত যুজ হল তথাপি মিৰজুমলাৰ জয় হল। নগাঁৱৰ কলিয়াবৰত আহোম আৰু মিৰজুমলাৰ সৈন্যৰ তুমুল যুদ্ধ লাগিল। এই যুদ্ধ ঘাইকৈ পানী যুদ্ধহে আছিল। আহোমবিলাকৰ যুদ্ধ কৰা একো এখোখন নাৱত ৭০/৮০ জন মানুহ আছিল। আহোমৰ বহুত নাওঁ ৰণত পৰিল। মিৰজুমলাই সিবিলাকৰ নাওঁ মানুহ হিলৈ বহুত আটক কৰিলে। শিমলুগুৰিৰ দূৰ্গতো মিৰজুমলাৰ জয় হল। এনেকৈ চাৰিউফালৰ পৰা জয় লাভ কৰি উজাই গৈ আহোম ৰাজধানী গড়গাঁৱত সোমাল।

 আহোম সকলে গড়গাওঁ নগৰ কোনো মতে ৰক্ষা কৰিব নোৱাৰিলে। মিৰজুমলাই অবাধে ৰাজধানী ললে। গড়- গাওঁত মিৰজুমলাই তেতিয়া ৮২টা হাতী আৰু ৰাজ ভঁৰালত ৩ লাখ টকাৰ মূল্যৰ সোন ৰূপ পালে। প্ৰত্যেক ভঁৰালতে প্ৰায় ১০ হাজাৰ মোনলৈকে ধান চাউল আছিল। মিৰজুমলাই গডগাঁওত কিছুকাল থাকিবলৈ মনস্থ কৰিলে। এনেকৈ থাকোঁতে বাৰিষা কাল উপস্থিত হল। নৈ, খাল, বিল পানীৰে উপচি পৰিল। চাৰিউপিনে বাণ পানীত ঠাইবোৰ ডুবিব ধৰিলে। মিৰজুমলাৰ সৈন্যৰ মাজতো জহনী গ্ৰহনী আদি ব্যাপক ৰোগ বিয়পি পৰিল। এই ছেগতে আহোম স্বৰ্গদেৱে গড়গাওঁত মুছলমানক কেইবা বাৰো আক্ৰমণ কৰিলে। আহোম বিলাকে মুছলমান চাউনিত জুই লগাইয়ো দিছিল। মুছলমান সৈন্যৰ মাজত ৰছদৰ নাটনি পৰিল। সোণৰ দাম সেৰত, ১৲